ETV Bharat / state

শিক্ষকৰ ইচ্ছা অনুসৰি বন্ধ থাকে চৰাঞ্চলৰ একাংশ বিদ্যালয়!! - বঙাইগাঁও

চৰকাৰী বন্ধ নোহোৱাকৈ নিজৰ খেয়াল খুচি মতে একাংশ শিক্ষকে বন্ধ ৰাখে ভিতৰুৱা তথা চৰাঞ্চলৰ একাংশ চৰকাৰী বিদ্যালয় ৷ ধুবুৰীৰ সীমান্তৱৰ্তী বঙাইগাঁৱৰ বইটামাৰী শিক্ষা খণ্ডৰ সুতিৰমুখ শান্তিনগৰ প্ৰাথমিক বিদ্যালয় শুকুৰবাৰে অঘোষিতভাৱে বন্ধ ৰাখিলে বিদ্যালয়খনৰ শিক্ষকে ৷

বঙাইগাঁৱৰ বিদ্যালয় আজৱ কাণ্ড
author img

By

Published : Nov 1, 2019, 11:25 PM IST

চিৰাং, 1 নৱেম্বৰঃ ৰাজ্যৰ শিক্ষা বিভাগত চলিছে আজৱ ঘটনা ৷ নিজৰ খেয়াল খুচিমতে বিদ্যালয় বন্ধ দিয়ে শিক্ষকে ৷ বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষা খণ্ডৰ একাংশ প্ৰাথমিক বিদ্যালয়ত ঘটিছে এই কাণ্ড । চৰকাৰী বন্ধ নোহোৱাকৈ নিজৰ খেয়াল খুচি মতে একাংশ শিক্ষকে বন্ধ ৰাখে ভিতৰুৱা তথা চৰাঞ্চলৰ একাংশ চৰকাৰী বিদ্যালয় ৷ ধুবুৰীৰ সীমান্তৱৰ্তী বঙাইগাঁৱৰ বইটামাৰী শিক্ষা খণ্ডৰ সুতিৰমুখ শান্তিনগৰ প্ৰাথমিক বিদ্যালয় শুকুৰবাৰে অঘোষিতভাৱে বন্ধ ৰাখিলে বিদ্যালয়খনত কৰ্মৰত শিক্ষকে । তিনিজন শিক্ষকৰ বিপৰীতে ছাত্ৰ-ছাত্ৰী শতাধিক ৷ প্ৰধান শিক্ষক অমৰ আলী আৰু সহযোগী দুই শিক্ষকৰ এজনো উপস্থিত নাই বিদ্যালয়ত । কি কাৰণত একেদিনাই তিনিজন শিক্ষক বিদ্যালয়ত উপস্থিত নাথাকিল সেয়া নাজানে ছাত্ৰ-ছাত্ৰী বা অভিভাৱক তথা স্থানীয় লোকে ৷

বঙাইগাঁৱৰ বিদ্যালয় আজৱ কাণ্ড

এয়া এটা উদাহৰণহে মাত্ৰ, এনেদৰে চলিছে ৰাজ্যৰ চৰাঞ্চলৰ একাংশ শিক্ষানুষ্ঠান । কাৰ আশীৰ্বাদ শিক্ষকসকলে বন্ধ ৰাখে সেয়া এক ডাঙৰ প্ৰশ্ন ৷ স্থানীয় ৰাইজৰ দাবী সমগ্ৰ বিষয়টো তদন্ত কৰি দোষী শিক্ষক সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে শিক্ষা বিভাগে ৷

Intro:বঙাইগাঁওৰ শিক্ষানুস্থান আজৱ ঘটনা, নিজৰ খেয়াল খুচিমতে বিদ্যালয় বন্ধ দিয়ে শিক্ষকে। আজি কোনো কাৰন নোহোৱাকৈয়ে বন্ধ থাকিল বিদ্যালয় । ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহি শিক্ষকৰ বাবে ৰৈ ৰৈ ঘুৰি যাবলগীয়া হল ।

Body:ৰাজ্যৰ শিক্ষা বিভাগত চলিছে আজৱ ঘটনা ৷ নিজৰ খেয়াল খুচিমতে শিক্ষকে দিয়ে বিদ্যালয় বন্ধ । বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষা খণ্ডৰ একাংশ প্ৰাথমিক বিদ্যালয়ত ঘটিছে এই ধৰনৰ নাভুত-নাশ্ৰুত কাণ্ড। চৰকাৰী বন্ধ নোহোৱাকৈ নিজৰ খেয়াল খুচি মতে একাংশ শিক্ষকে বন্ধ ৰাখে ভিতৰুৱা তথা চৰাঞ্চলৰ একাংশ চৰকাৰী বিদ্যালয় । এই দৃশ্য ধুবুৰী জিলাৰ সীমান্তৱৰ্তী বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষা খণ্ডৰ সুতিৰমুখ অঞ্চলৰ । সুতিৰমুখ শান্তিনগৰ প্ৰাথমিক বিদ্যালয়খন শুক্ৰবাৰে অঘোষিত ভাৱে বন্ধ ৰাখিলে বিদ্যালয়খনৰ কৰ্মৰত শিক্ষক সকলে । তিনিজন শিক্ষকৰ বিপৰিতে ছাত্ৰ-ছাত্ৰী শতাধিক । প্ৰধান শিক্ষক অমৰ আলী আৰু সহযোগি দুই শিক্ষকৰ এজনো উপস্থিত নাই আজি বিদ্যালয়ত । কিয় বিদ্যালয় বন্ধ সেয়া ছাত্ৰ-ছাত্ৰী বা অভিভাৱক তথা স্থানীয় লোকৰ কোনেও নাজানে । পূৱাৰ ভাগত বিদ্যালয়লৈ ছাত্র-ছাত্ৰী আহিল ঠিকেই কিন্তু বিদ্যালয় হে তলা বন্ধ । অৱশেষত শিক্ষাগুৰুৰ অপেক্ষাত তাতবাতি কাঢ়ি ঘৰমূৱা হল কণ কণ ছাত্র-ছাত্ৰী সকল ।

বাইটঃ অভিভাৱক আৰু স্থানীয় ৰাইজ

Conclusion:বিদ্যালয়খনত কৰ্মৰত তিনিজনকৈ শিক্ষকৰ এজনো উপস্থিত নাথাকিল শুক্ৰবাৰৰ দিনটোত । এনেদৰে চলিছে ৰাজ্যৰ চৰাঞ্চলৰ শিক্ষানুষ্ঠান । কাৰ আশীৰ্বাদত অকৰ্তৃত্বহীনভাৱে বিদ্যালয় এনেদৰে বন্ধ ৰাখে শিক্ষক সকলে ? স্থানীয় ৰাইজৰ দাবী সমগ্র বিষয়টো তদন্ত কৰি দোষী শিক্ষক সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে শিক্ষা বিভাগে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.