ETV Bharat / state

কংগ্ৰেছ-এআইডিইউএফ মানেই সংখ্যালঘু নহয়: ৰঞ্জিত দাস - ranjit kumar das

কংগ্ৰেছ আৰু এআইডিইউএফ-ৰ তুলনাত বিজেপিয়ে বেছি সংখ্যালঘু ভোট লাভ কৰিব বুলি দাবী কৰিছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ বিজেপিৰ দিনত সংখ্যালঘুসকল শান্তিত আছে বুলিও দাবী কৰে দাসে ৷ বিজনীত অনুষ্ঠিত বিজেপিৰ যোগদান সভাত উপস্থিত থাকি এই মন্তব্য দাসৰ ৷

ranjit kumar das at bijni bjp meeting
ranjit kumar das at bijni bjp meeting
author img

By

Published : Feb 25, 2021, 10:18 AM IST

চিৰাং,25 ফেব্ৰুৱাৰী: কংগ্ৰেছ আৰু এআইডিইউএফ মানেই সংখ্যালঘু নহয় বুলি দাবী কৰিছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ সংখ্যালঘু সকলৰ বিজেপিৰ ওপৰত আস্থা আছে বুলি দাবী কৰাৰ লগতে আগন্তুক অসম বিধানসভা নিৰ্বাচনত সংখ্যালঘু লোকসকলৰ ভোট সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দাসে ৷ দাসৰ মতে আগন্তুক অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইডিইউএফ-ৰ তুলনাত বিজেপিয়ে বেছি সংখ্যালঘু ভোট লাভ কৰিব ৷ বিজনীত অনুষ্ঠিত বিজেপিৰ এক যোগদান সভাত অংশ লৈ দাসে এই মন্তব্য কৰে ৷

bjp will get more minority vote than congress and aiduf
বিধানসভা নিৰ্বাচনৰ লগে লগে ভিচিডিচি নিৰ্বাচনৰ বাবে সাজু হোৱাৰ আহ্বান দাসৰ

বুধবাৰে চিৰাঙৰ বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজেপিৰ এখন যোগদান সভা অনুষ্ঠিত হয় ৷ বিজেপিৰ এই সভাতেই মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসম ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী ৷ সভাত অংশ লৈ কংগ্ৰেছৰ মহাজোঁট বন্ধনে বিজেপি দলৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি দাসে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে ৷ কংগ্ৰেছৰ দিনত সংখ্যালঘুসকলৰ বাসগৃহ জুই জ্বলিছিল ৷ কিন্তু বিজেপি চৰকাৰ অহাৰ পাছতে সংখ্যালঘু ৰাইজৰ ওপৰত এনে ঘটনা সংঘটিত হোৱা নাই বুলি দাসে দাবী কৰে ৷

দলীয় যোগদান সভাত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতিৰ

ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়া মতে আগন্তুক বিধানসভা নিৰ্বাচনৰ পাছতে বিটিআৰ ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ বিধানসভা নিৰ্বাচনৰ লগে লগে ভিচিডিচি নিৰ্বাচনৰ বাবে সাজু হোৱাৰ বাবেও দাসে দলীয় কাৰ্যকৰ্তা সকলক আহ্বান জনায় ৷ উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত এই যোগদান সভাত তিনি শতাধিক লোকে বিজেপিত যোগদান কৰে ৷

লগতে পঢ়ক: সমুখত নিৰ্বাচন:আৰ্থিক সংকটত কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.