ETV Bharat / state

বাইক চোৰক আদৰণি বিজনী আৰক্ষীৰ - নাৰী দেহ ব্যৱসায়ী

বিজনীত হাতে-লোটে ধৰা পৰিল বাইকচোৰ । পিছে, বাইক চোৰক বিজনী আৰক্ষীয়ে জনালে আদৰণি, নপৰিলে কোনো লপা-থপা ।

বাইকচোৰক আদৰণী বিজনী আৰক্ষীৰ
author img

By

Published : Jun 19, 2019, 5:23 AM IST

Updated : Jun 19, 2019, 9:22 AM IST

চিৰাং,19 জুনঃ চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত বিজনী ৰাতিৰাম ৰোডৰ বাসিন্দা দিপু বৰাৰ নিজ বাসগৃহৰ বাহিৰৰ পৰা দিনৰ পোহৰতে চোৰে কৌশলেৰে চুৰি কৰিছিল AS-26A-1876 নম্বৰৰ হিৰো গ্লেমাৰ বাইকখন ৷ উক্ত সময়ছোৱাত ৰাইজে চোৰটোক বাইকখন লৈ যোৱা দেখি চোৰৰ পিছে পিছে পহু খেদা দি বিজনী দুতুৰীৰ খানপাৰাত হাতে-লোটে ধৰিবলৈ সক্ষম হয় । ধৃত চোৰটো দুতুৰীৰ বাসিন্দা ৱাজেদ ছিকদাৰৰ পুত্ৰ মকিবুৰ ছিকদাৰ বুলি জানিব পৰা গৈছে।

বাইকচোৰক আদৰণী বিজনী আৰক্ষীৰ

পিছে বাইকৰগৰাকী দিপু বৰাই বাইক চোৰজনক দেখা পাইহে লাগিল কেনা । কাৰণ দিপু বৰা পেচাত এজন শিক্ষক আৰু চোৰজন এসময়ত আছিল দিপু বৰাৰ ছাত্ৰ । ইয়াৰ পাচতে চোৰজনক চাবলৈ স্থানীয় লোকৰ মাজত লাগিল হেতা-ওপৰা । পিছে দিপু বৰাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চোৰ জনক জনালে উষ্ম আদৰণি; নপৰিলে কোনো লপাথপা ।

উল্লেখ্য যে চোৰ মকিবুৰৰ বিৰুদ্ধে বিজনী আৰক্ষী থানাত পূৰ্বৰে পৰা আছে কেইবাটাও গোচৰ । মোবাইল চুৰি, নাৰী দেহ ব্যৱসায়,বাইক চোৰ, ধৰ্ষণ কাণ্ড আদিৰ দৰে কেইবাটাও গোচৰত অভিযুক্ত মকিবুৰ । ধৃত মকিবুৰে 22 বছৰ বয়সতে 2 বাৰকৈ বিবাহপাশত আৱদ্ধ হৈছে ৷ কিন্তু, তিনিবাৰকৈ ৰঙা ঘৰৰ আলহী হোৱাৰ পিছতো নিজৰ স্বভাৱ সলনি কৰিব নোৱাৰিলে মকিবুৰে ৷

Intro:চিৰাঙৰ বিজনীত হাতে লোটে ধৰা পৰিল বাইচোৰ। পিছে বাইক চোৰ জনক বিজনী আৰক্ষীয়ে জনালে আঁদৰনি। নপৰিলে কোনো লপা-থপা।

Body:চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত বিজনী ৰাতিৰাম ৰোডৰ বাসিন্দা দিপু বৰাৰ নিজ বাসগৃহৰ বাহিৰৰ পৰা হিৰো গ্লেমাৰ বাইক (AS-26-A/1876)দিনৰ পোহৰতে চোৰে কৌশলেৰে লৈ পলায়ন কৰে। উক্ত সময়ছোৱাত ৰাইজে চোৰ জনক বাইখন লৈ যোৱা দেখা পাই চোৰৰ পিছে পিছে পহু খেদা দি বিজনী দুতুৰীৰ খান পাৰাত চোৰ জনক হাতে-লোটে ধৰিবলৈ সক্ষম হয়। চোৰ জন দুতুৰীৰ বাসিন্দা ৱাজেদ ছিকদাৰৰ পুত্ৰ মকিবুৰ ছিকদাৰ বুলি জানিব পৰা গৈছে। পিছে বাইকৰ স্বত্বাধিকাৰি দিপু বৰাই বাইক চোৰ জনক দেখোতে লাগিল কেনা। দিপু বৰা পেচাত এজন শিক্ষক, আৰু চোৰজন এসময়ত শিক্ষক জনৰ ছাত্ৰ আছিল বুলি জনায়। এই লৈ অঞ্চলটো চোৰজনক প্ৰত্যক্ষ কৰাৰ বাবে লাগিল হেতাওপৰা। পিছে দিপু বৰাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চোৰ জনক জনালে উষ্ম আদৰনি। নপৰিলে কোনো লপাথপা। উল্লেখ্য যে চোৰ মকিবুৰৰ বিৰুদ্ধে বিজনী আৰক্ষী থানাত পূৰ্বৰে পৰা আছে কেবাটাও গোচৰ। মোবাইল চুৰি,নাৰী দেহ ব্যৱসায়ী,বাইক চোৰ,ধৰ্ষণ কাণ্ড আদিৰ দৰে কেবাটাও গোচৰ। চোৰ জনে ২২ বছৰ বয়সতে ৩ টাকৈ বিয়া কৰাইছে। তিনিবাৰকৈ ৰঙা ঘৰৰ আলহি হোৱাৰ পিছতো নিজৰ স্বভাৱ সলনি কৰিব নোৱাৰিলে আচামি জনে। যোবা ৫দিন পূৰ্বে ৰঙা ঘৰৰ পৰা ওলাই আহে যদিও বেলি মাৰ নাযাওতেই আকৌ ৰঙা ঘৰৰ আলহি হল ।

বাইট: বাইক স্বত্তাধিকাৰী দিপু বড়া।

Conclusion:মোবাইল চুৰি,নাৰী দেহ ব্যৱসায়ী,বাইক চোৰ,ধৰ্ষণ কাণ্ড আদিৰ দৰে কেবাটাও গোচৰ। চোৰ জনে ২২ বছৰ বয়সতে ৩ টাকৈ বিয়া কৰাইছে। তিনিবাৰকৈ ৰঙা ঘৰৰ আলহি হোৱাৰ পিছতো নিজৰ স্বভাৱ সলনি কৰিব নোৱাৰিলে আচামি জনে। যোবা ৫দিন পূৰ্বে ৰঙা ঘৰৰ পৰা ওলাই আহে যদিও বেলি মাৰ নাযাওতেই আকৌ ৰঙা ঘৰৰ আলহি হল ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Last Updated : Jun 19, 2019, 9:22 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.