ETV Bharat / state

হাগ্ৰামাক চিৰদিনৰ বাবে হুজুৰে বন্দী কৰিছে: হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Apr 4, 2021, 3:52 PM IST

দেওবাৰে বিজনী বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ হৈ বিশাল ৰোড শ্ব' কৰি নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছ এতিয়া এ আই ইউ ডি এফৰ বি টীম । হিমন্তক ২৪ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে বাধা দিছে কিন্তু হাগ্ৰামাক চিৰদিনৰ বাবে হুজুৰে বন্দী কৰিছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ।

হাগ্ৰামাক চিৰদিনৰ বাবে হুজুৰে বন্দী কৰিছেঃ মন্ত্ৰী হিমন্ত

চিৰাং, ৪ এপ্ৰিল: ইতিমধ্যে ৰাজ্যত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰিল । অহা ৬ এপ্ৰিলত ৰাজ্যৰ ৪০ টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ । দেওবাৰে চিৰাং জিলাৰ বিজনীত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজনী বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ সমৰ্থনত বিজনী চহৰত বিশাল নিৰ্বাচনী ৰেলীত অংশ লয় ৷ বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত এইবাৰ বিজেপিৰ চৰকাৰ গঠন হ'ব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।

কেবা হেজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে বিগত পাঁচ বছৰত জনসাধাৰণৰ বাবে লোৱা উন্নয়নমূলক আঁচনিসমূহৰ মূল্যায়ন কৰে । ৰাজ্যৰ মহিলাসকলৰ সৱলীকৰণৰ অৰুণোদয় আঁচনি, শিক্ষাৰ ক্ষেত্ৰত লোৱা উল্লেখনীয় আঁচনি, কৃষকসকলৰ বাবে লোৱা আঁচনি, অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজত ভূমি পট্টা বিতৰণ আৰু অসমৰ সকলো জাতি-জনগোষ্ঠীৰ উন্নয়ন ত্বৰান্বিত কৰাৰ দিশতো গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে ৷

সভাত মন্ত্ৰী ড৹ শৰ্মাই বিজনী সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় ৷ ইফালে, সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে । সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ এতিয়া এ আই ইউ ডি এফৰ বি টীম বুলি অভিহিত কৰে ৷ লগতে হাগ্ৰামা মহিলাৰীক উদ্দেশ্যি হিমন্তক ২৪ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে বাধা দিছে কিন্তু হাগ্ৰামাক চিৰদিনৰ বাবে হুজুৰে বন্দী কৰিছে বুলিও কয় হিমন্তই ।

লগতে পঢ়ক: জীয়া ভৰলীৰ খহনীয়াই ভেটি উছন কৰিছে ৰঙাপৰাবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.