বৰপেটাৰোড,16 নৱেম্বৰঃ সোমবাৰে বৰনগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ প্ৰেছ দিৱস উপলক্ষে ক্লাবৰ পতাকা উত্তোলনৰ পিছতেই সাংবাদিক পৰাগ ভূঞাৰ ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ ইয়াৰ পিছতে ৰাজ্যত সংঘটিত সাংবাদিক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে বৰনগৰ প্ৰেছ ক্লাবে ৷ সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ লগতে সাংবাদিক মিলন মহন্ত আৰু আব্দুল খালেকৰ নিৰ্যাতনকাৰীক শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷
এই কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী, কলগাছিয়া মহকুমা সাংবাদিক সন্থা, বৰপেটাৰোড প্ৰেছ ক্লাব, বৰনগৰ লাইভ, সৰভোগ টুৱেণ্টি ফ'ৰৰ সদস্যসকল ৷ প্ৰতিবাদস্থলীত বৰনগৰ প্ৰেছ ক্লাবৰ সভাপতি প্ৰবীণ কুমাৰ ৰয়, সম্পাদক পুলেন কুমাৰ দাস, সহকাৰী সম্পাদক অপূৰ্ব অধিকাৰী, বৰপেটাৰোড প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদক ছহিদুল ইছলাম তথা বিশিষ্ট কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে চৰকাৰক সাংবাদিকসকলক সুৰক্ষা দিবলৈ দাবী জনায় ।
লগতে পঢ়ক-বৰপেটাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন