18 মাৰ্চ, চিৰাংঃ চিৰাঙত শিশু কন্যাক ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পাচত বৰ্তমানো অব্যাহত আছে প্ৰতিবাদ৷ 48 ঘন্টা পাৰ হৈ যোৱা পিচতো চিৰাং জিলাৰ চিদলীত ১৩ মাৰ্চতে শিশু কন্যা এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ বৰ্তমানো দোষীয়ে শাস্ত্ৰী নোপোৱাৰ ফলত সোমবাৰে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷
সমাজক লজ্জানত কৰা জঘন্য কাণ্ডত জড়িত অপৰাধীক প্ৰশাসনে আটক কৰিব নোৱাৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমাজ কল্যাণ বিভাগত কৰ্মৰত অংগনৱাড়ী কৰ্মী সহায়িকাৰ লগতে বিভাগৰ বিষয়া, চুপাৰ ভাইজৰ সমন্বিতে স্থানীয় মহিলা সমাজে ৷ সোমবাৰে চিদলীস্থিত শিশু সংহত প্ৰকল্প বিষয়া কাৰ্যালয়ৰ পৰা চিদলী চিৰাং খণ্ড সংহত প্ৰকল্পৰ অধীনৰ সকলো অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা, চুপাৰ ভাইজৰ, বিভাগীয় কৰ্মচাৰী সহ স্থানীয় মহিলাৰ অংশ গ্ৰহণেৰে নাৰী নিৰ্যাতনৰ ঘটনা ৰোধৰ বাবে এক প্ৰতিবাদী সমদল উলিয়ায় ৷
চিদলীত শেহতীয়াভাৱে চাৰি বছৰীয়া শিশু কন্যাক ধৰ্ষণ কৰি হত্যা কৰা মৰ্মাত্মিক ঘটনাক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চিদলী-চিৰাঙৰ অংগনৱাড়কৰ্মী- সহায়িকা সকলে চিৰাং জিলা উপায়ুক্তক চিদলীত কন্যা শিশুৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় ৷