চিৰাং, 11 জুলাইঃ চিৰাঙত বিগত দুটা দিনৰ পৰা আৰম্ভ হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আই নদীৰ বাঢ়নি পানীয়ে বুৰাইছে এখনৰ পিচত আনখন গাঁও । অঞ্চলটোত খেতি পথাৰকে ধৰি পশুধনৰ বিস্তৰ ক্ষতি সাধন ।
চিৰাঙত আই নদীৰ বাঢ়নি পানীয়ে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । বিগত কেবাদিনৰ পৰা হৈ থকা নেৰা নেপেৰা বৰষুনৰ ফলত বুধবাৰে পুৱাৰে পৰা ফেনে ফোটোকাৰে ভূটানৰ পৰা নামি অহা বাঢ়নি পানীয়ে চিৰাং জিলাৰ প্ৰায় ৩০/৩৫ খন গাঁও প্লাৱিত কৰিছে । গাঁৱকেইখনৰ ইতিমধ্যে দুই শতাধিক পুখুৰী ডুবি মাছ ওলাই গৈছে। বিনষ্ট হৈছে সমগ্ৰ খেতি পথাৰ। পশুধনৰ সৈতে আবদ্ধ হৈ পৰিছে গাঁৱবাসীও । কিন্তু পৰিতাপৰ বিষয় যে এতিয়ালৈ বানপানীত আৱদ্ধ গাঁও কেইখনলৈ যোৱা নাই কোনো চৰকাৰী সাহাৰ্য। ইয়াৰোপৰি উক্ত স্থানত কোনো ধৰণৰ উদ্ধাৰকাৰী দলো উপস্থিত হোৱা নাই বুলি জনাইছে গাঁৱবাসীয়ে।
লগতে আন এটা বাতৰি- গহপুৰত খাৰৈ নদীৰ খহনীয়া