ETV Bharat / state

বঙাইগাঁৱত ভূত বাংলোত পৰিণত এখন পশু চিকিৎসালয় - বঙাইগাঁৱত ভূত বাংলোত পৰিণত এখন পশু চিকিৎসালয়

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ঘিলাগুৰীৰ ভূত বাংলোত পৰিণত পশু চিকিৎসালয়। ৰাইজৰ দাবী কৃষিপ্ৰধান অঞ্চলটোত পশুচিকিৎসালয় লাগে।

বঙাইগাঁৱত ভূত বাংলোত পৰিণত এখন পশু চিকিৎসালয়

author img

By

Published : Jun 22, 2020, 2:23 PM IST

চিৰাং, 22 জুনঃ হাবিৰ মাজত এটা ঘৰ ৷ উৱলি গৈছে বেৰ,উৱলি গৈছে টিনপাত ৷ এতিয়া সম্পূৰ্ণ পৰিত্যক্ত অৱস্থাত আছে ঘৰটো ৷ কোনো ভূতবাংলা নহয় ৷ এটা পশু চিকিৎসালয়ৰ দৃশ্যহে ৷ এইখন অসমৰে এখন পশু চিকিৎসালয় য’ত দুজন কৰ্মচাৰী এতিয়াও কৰ্মৰত ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ঘিলাগুৰি গাঁৱৰ ৰাইজে ৪ বিঘা মাটি এৰি দি আজিৰ পৰা ৮ বছৰ পূৰ্বে ঘিলাগুৰি ক্ষুদ্ৰ পশু চিকিৎসালয় স্থাপন কৰাত সহায় কৰিছিল ৷ কিন্তু পশু চিকিৎসালয়খনৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিয়াত এইদৰেই হাবিৰ মাজত পৰিত্যক্ত অৱস্থাত জহি খহি গৈছে পশু চিকিৎসালয়খন ৷ দুখন গাঁও পঞ্চায়তৰ প্ৰায় দহ বাৰখন গাঁওৰ ৰাইজে পশুধন ইয়াত চিকিৎসা কৰোৱাইছিল ৷

বঙাইগাঁৱত ভূত বাংলোত পৰিণত এখন পশু চিকিৎসালয়

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ঘিলাগুৰীৰ যিহেতু ৯৫ শতাংশ লোকেই কৃষিজীৱি সেয়ে পশু চিকিৎসালয়খনৰ এই অৱস্থাৰ বাবে সীমাহীন দুৰ্যোগত ভুগিব লগা হৈছে কৃষকসকল ৷ ৰাইজে অভিযোগ কৰে যি সময়ত বিজেপি চৰকাৰে কৃষি বিপ্লৱৰ সূচনা কৰিব বিচাৰি আছে তেনে সময়তে পশু চিকিৎসালয়খনৰ এই অৱস্থাই চৰকাৰৰ নগ্ন স্বৰূপটো উদঙাই দিছে ৷ অনতিপলমে চিকিৎসালয়খন মেৰামতি কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে ৷

Bongaigaon vaterinary Hospital poor condition

লগতে পঢ়কঃ জম্মু কাশ্মীৰত অব্যাহত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.