ETV Bharat / state

ৰাফেলৰ সৈতে উৰিব এজন অসম সন্তানৰ সপোন

author img

By

Published : Jul 30, 2020, 2:14 PM IST

Updated : Jul 30, 2020, 6:58 PM IST

ৰাফেল বিমানৰ সৈতে জড়িত হৈ আছে এগৰাকী অসম সন্তান ৷ এয়া অসমবাসীৰ বাবে অতিশয় গৌৰৱৰ কথা ৷ বায়ুসেনাৰ ৰাফেল ইউনিটৰ 17 নং কোৱাড্ৰন গ’ল্ডেন এৰ’জৰ ল’গ’ৰ আৰ্হি প্ৰস্তুত কৰিছে চিৰাং জিলাৰ বাসুগাঁৱৰ যুৱক তথা দিল্লীস্থিত গ্ৰাফিক্স ডিজাইনাৰ সৌৰভ চৰ্ডিয়াই ৷

Rafale squadron
Rafale squadron

চিৰাং, 30 জুলাই : ৰাফেল, যাক লৈ এতিয়া সৰৱ চৰ্চা চলিছে সমগ্ৰ দেশত ৷ ভাৰতীয় বায়ুসেনাত নতুন শক্তি হিচাপে সংযোজিত হৈছে ৰাফেল বিমান ৷ ভাৰতীয় বায়ুসেনাৰ 17 নং কোৱাড্ৰন গ’ল্ডেন এৰ’জত অন্তৰ্ভুক্ত কৰা হৈছে ৰাফেল বিমানক ৷ ইয়াৰ দ্বাৰা ভাৰতৰ সমৰ কৌশল অধিক শক্তিশালী হৈ পৰিল ৷ ৰাফেল যুজাৰু বিমান এছ এন ই চি এম এৰ(SNECMA) ৰ দাৰা নিৰ্মিত দুটা শক্তিশালী এম ৮৮-২ ইঞ্জিনৰ দ্বাৰা চালিত হয় ৷ ভাৰতে 59 হাজাৰ কোটি টকা ব্যয়েৰে 36 খন ৰাফেল বিমান ক্ৰয় কৰিছে ৷ ইয়াৰে 30 খন যুঁজাৰু বিমান আৰু 6 খন প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হ'ব ৷ 2022 চনৰ ভিতৰত ভাৰতলৈ অনা হ'ব বাকী 31 খন ৰাফেল বিমান ৷

Rafale squadron
পৰিয়ালৰ সৈতে সৌৰভ

এই বিমানসমূহে উৰন্ত অৱস্থাতে এখনে,ইন্ধন শেষ হ’বলৈ ধৰা আন এখন বিমানক ইন্ধনৰ যোগান ধৰিব পাৰে ৷ ৰাফেলত সংযুক্ত মিটিঅ’ৰ মিছাইলে বায়ুৰ পৰা বায়ুলৈ দৃষ্টিত ধৰা নপৰা কোনো লক্ষ্যক ভেদ কৰিব পাৰে৷ ই শত্ৰুৰ যুঁজাৰু বিমানক এশ কিলোমিটাৰতকৈও অধিক দূৰত্বৰ পৰা আক্ৰমণ কৰি ধাৰাসায়ী কৰিব পাৰে ৷ ৰাফেলৰ কক্‌পিট হ’ল’ গ্ৰাফিক ডিছপ্লে সংযুক্ত ৷ ৰাফেলে একে সময়তে আঠটা ভিন্ন লক্ষ্যত আঘাত হানিব পাৰে ৷

এই ৰাফেল বিমানৰ সৈতে জড়িত হৈ আছে এগৰাকী অসম সন্তান ৷ এয়া অসমবাসীৰ বাবে অতিশয় গৌৰৱৰ কথা ৷ বায়ুসেনাৰ ৰাফেল ইউনিটৰ 17 নং কোৱাড্ৰন গ’ল্ডেন এৰ’জৰ ল’গ’ৰ আৰ্হি প্ৰস্তুত কৰিছে চিৰাং জিলাৰ বাসুগাঁৱৰ যুৱক তথা দিল্লীস্থিত গ্ৰাফিক্স ডিজাইনাৰ সৌৰভ চৰ্ডিয়াই ৷

Rafale squadron
বায়ুসেনাত ভৰ্তি হোৱাৰ সপোন আছিল সৌৰভৰ

সৰুৰে পৰা বায়ু সেনাত ভৰ্তি হোৱাৰ সপোন আছিল সৌৰভৰ ৷ টম ক্ৰুজৰ চিনেমা টপ গান আৰু কম্পিউটাৰ গেমৰ পৰা বায়ুসেনাৰ প্ৰতি আকৰ্ষিত হৈছিল যুৱকজন ৷ কিন্তু চকুৰ অসুবিধাৰ বাবে আধৰুৱা হৈ ৰৈছিল সৌৰভৰ সপোন৷ এভিয়েসন আৰ্টৰ প্ৰতিও সৌৰভৰ আছিল গভীৰ আকৰ্ষণ । দিল্লীত থ্ৰী ডি গ্ৰাফিক্সৰ কাম কৰি থকাৰ সময়তে সৌৰভে সুবিধা লাভ কৰিছিল বায়ু সেনাৰ ল’গ’ নিৰ্মাণৰ ৷

ৰাফেল চুক্তিৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ফ্ৰান্সলৈ যোৱাৰ পূৰ্বেই ল’গ’ প্ৰস্তুতৰ বাবে গোপনে দায়িত্ব অৰ্পনৰ কথা জনায় । বায়ুসেনাৰ চিহ্ন হিমালয়ান ঈগলৰ লগতে সোণালী কাঁড় আৰু ৰাফেল জেটৰ সৈতে ভাৰতীয় ত্ৰিৰংগ পতাকা সংযোগেৰে প্ৰস্তুত কৰা হয় এই বিশেষ ৰাফেল জেট যুদ্ধ বিমানৰ ল’গ’টো ৷ সূৰ্য কিৰণ এৰোবেটিক টিম আৰু তেজশ স্কোৱাড্ৰন তেওঁৱেই ডিজাইন কৰিছিল বুলি জনায় সৌৰভে ।

ৰাফেলৰ সৈতে উৰিব এজন অসম সন্তানৰ সপোন

সৌৰভৰ এই সাফল্যত স্বাভাৱিকতেই গৌৰৱবোধ কৰিছে পিতৃ মনোজ জৈন, মাতৃ সৰোজা জৈনৰ লগতে পৰিয়াল তথা বাসুগাঁওবাসীয়ে ৷ নিজে বায়ুসেনা হোৱাৰ সপোন সাৰ্থক নহ'লেও সৌৰভৰ সৃষ্টি এতিয়া উৰি থাকিব ৰাফেলৰ সৈতে ৷

লগতে পঢ়ক : NSCN-K ত ফাট, বহিষ্কাৰ তিনি জেষ্ঠ নেতা

Last Updated : Jul 30, 2020, 6:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.