ETV Bharat / state

চিৰাঙৰ চিদলীত দুৰ্ঘটনাত পতিত হৈ ট্ৰাক চালকৰ মৃত্যু - ট্ৰাকখনৰ চালকজন নিহত

চিৰাঙৰ চিদলীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত । চিদলীত নিয়ন্ত্ৰণ হেৰুৱাই বিহাৰৰ পৰা অহা ট্ৰাকখনে আন এখন ট্ৰাকত পিছফালৰ পৰা খুন্দিয়ায় । দুৰ্ঘটনাত বিহাৰৰ পৰা অহা ট্ৰাকখনৰ চালকজন নিহত হয় ।

চিৰাঙৰ চিদলীত সামগ্ৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Jan 15, 2021, 6:27 PM IST

চিৰাং,১৫ জানুৱাৰী: বৃহস্পতিবাৰে নিশা চিৰাঙৰ চিদলীত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা । বিহাৰৰ পৰা গুৱাহাটীলৈ সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই চিদলীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আন এখন ট্ৰাকত পিছফালৰ পৰা খুন্দিয়ায় । এই দুৰ্ঘটনাত বিহাৰৰ পৰা অহা PB03-AJ-8682 নম্বৰৰ ট্ৰাকখনৰ চালকজন থিতাতে নিহত হয় । মৃত চালকজন পঞ্জাৱৰ গুৰসেৱক সিং বুলি জানিব পৰা গৈছে ।

চিৰাঙৰ চিদলীত সামগ্ৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত
চিৰাঙৰ চিদলীত সামগ্ৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

চিদলীত থকা জেব্ৰা ক্ৰ'ছিঙত নিয়ন্ত্ৰণ হেৰুৱাই বিহাৰৰ পৰা অহা ট্ৰাকখনে পিবি০২চিআৰ ৯৯১১ নম্বৰৰ ট্ৰাকখনত খুন্দিয়ায় । দুৰ্ঘটনাৰ ফলত ট্ৰাকখনৰ যথেষ্ট ক্ষতিসাধন হয় । উল্লেখ্য যে,৩১নং ৰাষ্ট্ৰীয় ঘাইপথ ফ'ৰলেনযুক্ত হোৱাৰ পিছতো পথৰ মাজত গতি হ্ৰাসৰ বাবে থকা জেব্ৰা ক্ৰ'ছিংসমূহত কোনো ধৰণৰ ৰং ব্যৱহাৰ কৰা নাই । ফলত নিশাৰ ভাগত যাতায়াত কৰাত অসুবিধাৰ সৃষ্টি হয় । ঘন কুঁৱলীৰ বাবে এতিয়া নিশা বাহন চলোৱাত স্বাভাৱিকতে সমস্যা আহি পৰে । এনে পৰিস্থিতিত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পায় ।

লগতে পঢ়ক:এলাগি হৈ ৰৈছে বকোৰ ১৭০ বছৰীয়া পুৰণি এটি মন্দিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.