চিৰাং, ২৩ অক্টোবৰ: ইউ পি পিএল দলৰ কাণ্ডত ক্ষুদ্ধ বি টি চিৰ প্ৰাক্তন অধ্যক্ষ তথা ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম। ইউ পি পিএল দলে নিৰ্বাচনী আচৰণবিধি ভংগ কৰি ভোটাৰৰ ঘৰে ঘৰে গৈ অৰুণোদয় আঁচনিৰ নামত ভুৱা প্ৰ-পত্ৰ বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰে ব্ৰহ্মই। চিৰাঙৰ কাজলগাঁৱত বি পি এফৰ কাৰ্যালয়ত সংবাদমেলযোগে ইউ পি পিএল দলৰ বিৰুদ্ধে অভিযোগ তোলে।
তেওঁ কয় যে, 'বি টি চিত নিৰ্বাচনী আচৰণ বিধি বলবৎ থকাৰ বাবে অৰুণোদয় আঁচনিৰ কাম বন্ধ হৈ আছে বি টি চিৰ চাৰিওখন জিলাতে। কিন্ত এই সময়ত ইউ পি পি এল দলে সাধাৰণ ভোটাৰক প্ৰতাৰণা কৰি ভোট সংগ্ৰহৰ বাবে গাঁৱে গাঁৱে তথা ঘৰে ঘৰে অৰুণোদয় আঁচনিৰ নামত ভূৱা প্ৰ-পত্ৰ বিতৰণৰ অভিযোগ কৰে বি পি এফৰ প্ৰাৰ্থীগৰাকীয়ে। ইউ পি পি এল দলে কোনোপধ্যেই অৰুণোদয় আঁচনিৰ ধন মোকলাই দিব নোৱাৰে। কাৰণ, তেওঁলোকৰ কোনো বিধায়ক নাই। অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ জমা হোৱাৰ পিচত সংশ্লিষ্ট বিধানসভা সমষ্টিৰ বিধায়কজনেহে হিতাধিকাৰী বাচনি কৰিব আৰু আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়িব। এই ক্ষেত্ৰত ভোট সংগ্ৰহৰ বাবে ইউ পি পি এল দলটোৱে মিথ্যাচাৰৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে।'
লগতে তেওঁ আৰু কয় যে, ভোটাৰ সকলে যি দৰে সমৰ্থন আগবঢ়াইছে তাৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে বি পি এফ দলৰ প্ৰাৰ্থীয়েই জয়ী হব আৰু বি টি চিত বি পি এফৰেই পৰিষদীয় চৰকাৰ হ'ব।
লগতে পঢ়ক:উচ্ছেদঃ জনীয়াত ব্যাপক প্ৰতিক্ৰিয়া ৰাইজৰ