ETV Bharat / state

বিজনী টোলগে'টত নলবাৰীৰ তীৰ্থযাত্ৰীক আক্ৰমণৰ অভিযোগ - তীৰ্থযাত্ৰীক পিষ্টল

চিৰাঙৰ বিজনী টোলগে'টৰ কৰ্মচাৰীয়ে তীৰ্থযাত্ৰীক পিষ্টল দেখুৱাই ধন দাবী কৰাৰ অভিযোগ। ছালফা উত্তম প্ৰধানৰ নেতৃত্বত ৫০ জনীয়া গুণ্ডা বাহিনীয়ে তীৰ্থযাত্ৰীসকলক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপিত হৈছে। ঝাৰখণ্ডত থকা বাব ধাম দৰ্শন কৰি নলবাৰীলৈ উভতাৰ পথতে এই ঘটনা সংঘটিত হয়।

বিজনী টোলগে'টত নলবাৰীৰ তীৰ্থযাত্ৰীক আক্ৰমণৰ অভিযোগ

author img

By

Published : Nov 12, 2020, 12:32 PM IST

চিৰাং, ১২ নৱেম্বৰ: বুধবাৰে নিশা চিৰাঙৰ বিজনীৰ টোলগে'টত কৰ্মচাৰীৰ গুণ্ডাগিৰি। গুণ্ডা বাহিনীয়ে শাৰিৰীকভাৱে অপদস্থ কৰি পিষ্টল দেখুৱাই ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে নলবাৰীৰ তীৰ্থযাত্ৰী দলে। তীৰ্থযাত্ৰীসকলে দিয়া ঘটনাৰ বিৱৰণী মতে, ঝাৰখণ্ডত থকা বাব ধাম দৰ্শন কৰি নলবাৰীলৈ আহি থাকোতেই বিজনীৰ টোলগে'টত ছালফা উত্তম প্ৰধানৰ নেতৃত্বত ৫০ জনীয়া গুণ্ডা বাহিনীয়ে বাছৰ কৰ্মচাৰীৰ পৰা ধন দাবী কৰে।

বিজনী টোলগে'টত নলবাৰীৰ তীৰ্থযাত্ৰীক আক্ৰমণৰ অভিযোগ
বিজনী টোলগে'টত নলবাৰীৰ তীৰ্থযাত্ৰীক আক্ৰমণৰ অভিযোগ

বাছৰ কৰ্মচাৰীয়ে ধন দিবলৈ অমান্তি হোৱাত লাঠীৰে বাছখনত থকা তীৰ্থযাত্ৰীসকলৰ ওপৰত আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপন হৈছে। তীৰ্থযাত্ৰীসকলে ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ লওতেই তেওঁলোকৰ মোবাইল ফোন কাঢ়ি শাৰিৰীকভাৱে অপদস্থ কৰাৰ লগতে সুৰাপায়ী যুৱককেইজনে অশ্লীল গালি-গালাজ কৰে। যাত্ৰীসকলে অভিযোগ তুলিছে যে, উত্তম প্ৰধান নামৰ ছালফাগৰাকীয়ে পিষ্টল দেখুৱাই ভাবুকিও দিছে। তীৰ্থযাত্ৰীৰ দলটোক নেতৃত্ব দিয়া হিন্দুত্ববাদী নেতা ধৰ্মেশ্বৰ হালৈ ওৰফে ভাইটিয়ে কয় যে, অসম চৰকাৰে অনুমতি দিয়া নথি দেখুওৱাৰ পিছত গুণ্ডা বাহিনীয়ে ফালি পেলায় আৰু শাৰীৰিকভাৱে অপদস্থ কৰি কয় যে ইয়াত কোনো চৰকাৰৰ কাগজ নচলে।

এই বিক্ষিপ্ত ঘটনাৰ সন্মুখীন হোৱাৰ পিছতে গুণ্ডা বাহিনীবোৰক কৰায়ত্ব কৰি টোলগে'টবোৰ বন্ধ কৰাৰ বাবে পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু পৰিবহণ বিভাগৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীক অনুৰোধ জনায় তীৰ্থযাত্ৰীৰ দলটোৱে। উল্লেখ্য যে, বিজনীৰ টোলগে'টত প্ৰায়েই টোলগে'ট কৰ্মচাৰীৰ বিৰুদ্ধে গুণ্ডাগিৰি অভিযোগ উত্থাপিত হয়। প্ৰাক্তন সশস্ত্ৰ সংগ্ৰামী তথা ছালফাসকলক টোলগে'টৰ কামত নিয়োজিত কৰি এইদৰে উদ্ভণ্ডালি কৰাৰ সুযোগ প্ৰদান কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে বহু লোকে। এনে ঘটনা সংঘটিত হোৱাৰ বাবে পূৰ্বে কৃষক মুক্তিয়ে জ্বলাই দিছিল টোলগে'টখন। দীৰ্ঘদিনৰ পিছত মুকলি কৰা টোলগে'টখনত আকৌ পূৰ্বৰ ঘটনাৰ পুনৰাবৃত্তি হোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক:কমলপুৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.