ETV Bharat / state

বিমল বৰ্মনক চিৰাং জিলাৰ আক্ৰাছু (অ) গোটৰ জিলা সভাপতিৰ দায়িত্ব

author img

By

Published : Sep 12, 2020, 10:06 PM IST

বিমল বৰ্মনক চিৰাং জিলাৰ আক্ৰাছু (অ) গোটৰ ভাৰপ্ৰাপ্ত জিলা সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে কৰ্মেশ্বৰ ৰায় গোটত যোগদান কৰা আটাইকেইজনক বহিষ্কাৰ কৰা হয় ৷

বিমল বৰ্মনক চিৰাং জিলাৰ আক্ৰাছু (অ) গোটৰ জিলা সভাপতিৰ দায়িত্ববিমল বৰ্মনক চিৰাং জিলাৰ আক্ৰাছু (অ) গোটৰ জিলা সভাপতিৰ দায়িত্ব
বিমল বৰ্মনক চিৰাং জিলাৰ আক্ৰাছু (অ) গোটৰ জিলা সভাপতিৰ দায়িত্ব

চিৰাং, 12 ছেপ্তেম্বৰ : শনিবাৰে চিৰাং জিলাৰ চিদলীত আক্ৰাছু (অৰুণ ৰায়) গোটৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনক চিদলীত সমদল কৰি আদৰি আনে আক্ৰাছুৰ চিৰাং জিলা সমিতিয়ে । জিলা সমিতিৰ সভাপতি মণিৰাম ৰায়ে পদত্যাগ কৰি কৰ্মেশ্বৰ গোটত যোগদানৰ পিচতেই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ উপস্থিতিত তাৎক্ষণিক ভাৱে জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ।

এই জিলা সমিতিৰ সাধাৰণ সভাতেই বিমল বৰ্মনক ভাৰপ্ৰাপ্ত জিলা সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে কৰ্মেশ্বৰ ৰায় গোটত যোগদান কৰা আটাইকেইজনক বহিষ্কাৰ কৰা হয় বুলিও জানিবলৈ দিয়ে আক্ৰাছু (অৰুণ ৰায়) গোটৰ জিলা সম্পাদক শংকৰ ৰায়ে ।

শুকুৰবাৰে অৰুণ ৰায় গোট আক্ৰাছুৰ চিৰাং জিলা সভাপতি মণিৰাম ৰায়ে পাঁচটাকৈ আঞ্চলিক সমিতি সহ পদত্যাগ কৰি কৰ্মেশ্বৰ ৰায়গোটত যোগদান কৰিছিল । সেয়ে শনিবাৰে অৰুণ ৰায় গোটৰ চিৰাং জিলা সমিতিৰ সাধাৰণ সভাৰ দ্বাৰা তেওঁলোকক বহিষ্কাৰ কৰি ভাৰপ্ৰাপ্ত সভাপতিৰ বাচনি কৰা হয় ।

লগতে চাওক-বাক্সাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.