চিৰাং, 30 নৱেম্বৰ : সোমবাৰে চিৰাঙৰ চম্পাৱতী পথাৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু) ৰ হিতেশ গোট আৰু সদৌ আদীবাসী ছাত্ৰ সন্থা (আছা) ৰ ষ্টেফেন লাক্ৰা গোটে যৌথভাৱে জনজাতিকৰণ আৰু বিটিআৰ চুক্তিৰ বিৰোধিতাৰে এক গণ সমাৱেশৰ আয়োজন কৰে ৷ কিন্তু জিলা প্ৰশাসনে অন্তিম সময়ত অনুমতি প্ৰদান নকৰাৰ অভিযোগ প্ৰদান কৰিছে সংগঠন দুটাই ৷ সোমবাৰে বিয়লি বঙাইগাঁও প্ৰেছ ক্লাৱত আয়োজিত এক যৌথ সংবাদমেলত ক্ষোভ প্ৰকাশ কৰে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে ৷
সংবাদমেলত তেওঁ কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে আদিবাসী আৰু কোচ ৰাজবংশী সকলক দমন কৰি ৰাখিব বিচাৰিছে । লগতে তেওঁলোকৰ সকলো অধিকাৰ কাঢ়ি লোৱা বুলিও অভিযোগ প্ৰদান কৰে ৷ যাৰ বাবে 12 ডিচেম্বৰৰ পিচত বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷
ইফালে, সংবাদমেলত আছাৰ সভাপতি ষ্টেফেন লাক্ৰাই কয় যে, গণ সমাৱেশৰ অনুমতি প্ৰদান নকৰি আমাৰ বাক-স্বাধীনতাৰ অধিকাৰ খৰ্ব কৰিছে । দমনমূলক নীতি লৈছে চৰকাৰে । বিজেপি চৰকাৰে জনজাতিকৰণ নকৰিলে কিন্ত অধিক সংখ্যক লোকক আওঁকাণ কৰি বিটিআৰ চুক্তি কৰিলে । যি চুক্তিয়ে আমাৰ সকলো অধিকাৰ খৰ্ব কৰা বুলি ক্ষোভ প্ৰকাশ কৰে । লগতে, যিখন চুক্তিত আদিবাসী, ৰাজবংশী বা অন্যান্য খিলঞ্জীয়া লোকৰ কোনো অধিকাৰ নাথাকিব সেয়া কিহৰ চুক্তি বুলিও প্ৰশ্ন কৰে লাক্ৰাই ।
লগতে পঢ়ক : বজাৰত বিক্ৰিৰ পূৰ্বে এটা বিৰল কাছ উদ্ধাৰ শিলচৰৰ প্ৰবক্তাৰ