ETV Bharat / state

গোৰ্খা জাতিৰ অবিহনে অসমীয়া জাতি সম্পূৰ্ণ হ'ব নোৱাৰে !

অসমীয়া সমাজ গঠনৰ ভিন্ন ক্ষেত্ৰত গোৰ্খাসকলৰ বিশেষ অৱদান আছে । এন আৰ চি আৰু ডি ভোটাৰৰ নামত গোৰ্খাসকল হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৷ চিৰাঙৰ এক অনুষ্ঠানত এই মন্তব্য আগছুৰ সভাপতি প্ৰেম তামাঙৰ ৷

গোৰ্খা জাতিৰ অবিহনে অসমীয়া জাতি সম্পূৰ্ণ হ'ব নোৱাৰে
author img

By

Published : Jul 27, 2019, 1:15 PM IST

চিৰাং, 27 জুলাই :গোৰ্খা জাতিৰ অবিহনে অসমীয়া জাতি সম্পূৰ্ণ হ'ব নোৱাৰে । অসমীয়া সমাজ গঠনৰ ভিন্ন ক্ষেত্ৰত গোৰ্খাসকলৰ বিশেষ অৱদান আছে । এই দাবী সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ সভাপতি প্ৰেম তামাঙৰ ৷ চিৰাঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰে হোৱা এক বাৰ্তালাপত এনেদৰে কয় সভাপতিগৰাকীয়ে ৷ লগতে বিগত সপ্তাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লগ ধৰাৰ লগতে বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো লগ কৰি গোৰ্খাসকলৰ ভিন্ন সমস্যা সন্দৰ্ভত অৱগত কৰে সভাপতিগৰাকীয়ে ৷ অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত এই চুক্তি ৰূপায়ণৰ পূৰ্বে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সৈতে আলোচনা মৰ্মেহে কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ আগত উল্লেখ কৰে বুলি জানিব দিয়ে সভাপতিগৰাকীয়ে ৷ আনহাতে, খিলঞ্জীয়াৰ বাবে সুকীয়া এশ শতাংশই আসন সংৰক্ষণ হ'ব লাগে আৰু তাত অসমৰ গোৰ্খাসকলৰো নাম অন্তৰ্ভুক্তি হ'ব লাগে বুলিও তেঁও দোহাৰে । এয়া গোৰ্খাসকলৰ ন্যায্য আৰু প্ৰাপ্য দাবী বুলি উল্লেখ গোৰ্খা সভাপতিগৰাকীৰ । লগতে এন আৰ চি আৰু ডি ভোটাৰৰ নামত গোৰ্খাসকলক হাৰাশাস্তিৰ অভিযোগ তোলে সভাপতিগৰাকীয়ে । এই হাৰাশাস্তিৰ চৰম সীমা পাৰ হ'লে আন্দোলনৰ হুংকাৰ দিয়ে গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে ।

Intro:অসম চুক্তিৰ ৬ নং দফা , এন আৰ চি আৰু "ডি" ভোটাৰ সন্দৰ্ভত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি প্ৰেম তামাঙৰ প্ৰতিক্ৰীয়া ।

Body:অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত আগছুৰ প্ৰতিক্ৰীয়া । গোৰ্খা জাতীৰ অবিহনে (নেপালী) অসমীয়া জাতী হব নোৱাৰে । অসমীয়া সমাজ গঠনত বিভিন্ন ক্ষেত্ৰত গোৰ্খা সকলৰ অৱদান আছে । এই দাবী সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছ)ৰ সভাপতি প্ৰেম তামাঙৰ । তেওঁ চিৰাং জিলাৰ এক অনুষ্টানত অংশগ্ৰহন কৰি সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত কয় যে যোৱা সপ্তাহত অসমৰ গোৰ্খাসকলৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক লগ ধৰাৰ লগতে যোৱা বুধবাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্ব্বানন্দ সোনোৱালকো লগ ধৰিছিল । প্ৰথমতে বান সাহাৰ্য্য সন্দৰ্ভত আলোচনা কৰাৰ লগতে অসমীয়া সমাজ গঠনত গোৰ্খা সকলৰ অৱদান আছে সেই বিষয়েও আলোচনা হৈছে । মুখ্যমন্ত্ৰীয়ে গোৰ্খা প্ৰতিনিধি দলটোক প্ৰতিশ্ৰুতি দিছিল যে অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়নৰ পুৰ্ব্বে অসমৰ সকলো জাতী জনগোষ্ঠীৰ সৈতে আলোচনা মৰ্মেহে কৰিব । এই ক্ষেত্ৰত গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিজনে কয় যে সাংবিধানিক ৰক্ষা কৱজ হব লাগে অসমত, অবৈধ বাংলাদেশী অসমৰ পৰা বিতাৰন হব লাগে,খিলঞ্জীয়াৰ বাবে সুকীয়া আসন সংৰক্ষন হব লাগে এশ শতাংশ আৰু তাত অসমৰ গোৰ্খা সকলৰো অন্তৰ্ভুক্তি হব লাগে। এয়া গোৰ্খা সকলৰ ন্যাৰ্য্য আৰু প্ৰাপ্য দাবী বুলিও কয় গোৰ্খা সভাপতিজনে ।
এন আৰ চি আৰু ডি ভোটাৰৰ নামত গোৰ্খা সকলক হাৰাশাস্থিৰ অভিযোগ কৰি কয় যে গোৰ্খা সকলক বাংলাদেশী সদ্যশ ব্যৱহাৰ কৰাৰ অভিযোগ কৰে । এই হাৰাশাস্থি অত্যাধিক হলে বা চৰম সীমা পাৰ হলে আন্দোলনৰ হুংকাৰ দিয়ে গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি জনে । তেওঁ জনায় যে এই যাৱতীয় বিষয়ে কেিন্দ্ৰীয় গৃহ মন্ত্ৰীক অৱগত কৰোৱা হৈছে ।

বাইট : প্ৰেম তামাং, সভাপতি আগছু ।

Conclusion:মুঠতে অসম আৰু অসমীয়া জাতী গঠনত গোৰ্খা সকলৰ প্ৰত্যক্ষ অৱদান আছে । এই ক্ষেত্ৰত যদি বিভাজন বা অইন কোনো ধৰনৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হয় তেন্তে অসমৰ গোৰ্খা সকল নিমাতে নাথাকে । গণতান্ত্ৰিক আন্ধোলন কৰাৰ বাবে প্ৰস্থুত বুলি জনায় গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতিজনে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.