ETV Bharat / state

চিৰাঙত জিলা কৃষি বিভাগৰ দ্বাৰা কঁঠীয়া বিতৰণ

author img

By

Published : Aug 2, 2019, 9:01 AM IST

চিৰাঙত জিলা কৃষি বিভাগৰ দ্বাৰা বানাক্ৰান্ত কৃষকৰ মাজত ১৫০ বিঘা মাটিত ৰঞ্জিত ছাব ওৱান প্ৰজাতিৰ উন্নত মানৰ শালি ধানৰ কঁঠীয়া বিতৰণ কৰা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মৰ লগতে অনিৰাম মুছাহাৰী সহ জিলা কৃষি বিভাগৰ ভালে সংখ্যক লোক ৷

চিৰাঙত জিলা কৃষি বিভাগৰ দ্বাৰা কঠীয়া বিতৰন

চিৰাং, 2 আগষ্ট: চিৰাঙত জিলা কৃষি বিভাগৰ দ্বাৰা বানাক্ৰান্ত কৃষকক উন্নত মানৰ শালি ধানৰ কঁঠীয়া বিতৰণ কৰা হয় ৷ চলিত বৰ্ষত তিনি বাৰকৈ হোৱা বানে নামনি অসমৰ চিৰাং জিলাত ব্যাপক ক্ষতিসাধন কৰিছে ৷ কৃষক সকলৰ এই ক্ষতিৰ প্ৰতি লক্ষ্য কৰিয়ে অসম চৰকাৰৰ কৃষি বিভাগে অসমৰ প্ৰতিখন জিলাৰ কৃষি বিভাগক সমূহীয়া নাৰ্চাৰী কঁঠিয়াতলি কৰাৰ নিৰ্দেশ দিয়ে ৷ সেই মৰ্মে চিৰাং জিলা কৃষি বিষয়া সদানন্দ মুছাহাৰীয়ে কয় যে চৰকাৰৰ নিৰ্দেশনা মতে চিৰাঙৰ কাশিকত্ৰাত ১৫০ বিঘা মাটিত ৰঞ্জিত ছাব ওৱান প্ৰজাতিৰ শালিধানৰ কঁঠীয়াৰ ব্যৱস্থা কৰা হয় ৷ বৃহস্পতিবাৰে জিলাখনৰ বান ক্ষতিগ্ৰস্ত খেতিয়ক সকলৰ মাজত জিলা কৃষি বিভাগে কঁঠীয়া বিতৰণ কৰে ৷ জিলাখনৰ কাজলগাঁও মহকুমাত সামান্য বান ক্ষতিগ্ৰস্ত খেতিয়ক থাকিলেও বিজনী মহকুমাত খেতিয়ক সকল অধিক ক্ষতিগ্ৰস্ত হৈছে আৰু জিলা কৃষি বিভাগে প্ৰায় ১৫০০ ৰ পৰা দুহেজাৰ কৃষকক এই কঁঠীয়া বিতৰণ কৰিব পাৰিব বুলিও জনায় জিলা কৃষি বিষয়া জনে ৷ আনহাতে চিৰাঙৰ কৃষকক কঁঠীয়া বিতৰণ কৰাৰ পিচতো যদি কঁঠীয়া ৰৈ যায় সেয়া অন্য জিলাৰ কৃষকৰ মাজতো বিতৰণ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে কৃষি বিভাগে ৷ বৃহস্পতিবাৰৰ এই কঁঠীয়া বিতৰণ অনুষ্ঠানত উপস্থিত থাকে জিলা অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মৰ লগতে অনিৰাম মুছাহাৰী সহ জিলা কৃষি বিভাগৰ ভালে সংখ্যক লোক ৷

Intro:চিৰাঙত বানাক্ৰান্ত ক্ষতিগ্ৰস্থ কৃষকক শালি ধানৰ উন্নত মানৰ কঠীয়া বিতৰন জিলা কৃষি বিভাগৰ । 

Body: চিৰাঙত কৃষি বিভাগে বান ক্ষতিগ্ৰস্থ কৃষকৰ মাজত শালি ধানৰ কঠীয়া বিতৰন কৰে । চিৰাঙত চলিত বৰ্ষৰ বাৰিষাত তিনি বাৰকৈ হোৱা বানপানীয়ে ব্যাপক ক্ষতি কৰিছে । কৃষক সকলৰ এই ক্ষতিৰ প্ৰতি লক্ষ্য কৰি অসম চৰকাৰৰ কৃষি বিভাগৰ নিৰ্দেসনা অনুসৰি প্ৰতিখন জিলাৰ কৃষি বিভাগক সমুহীয়া নাৰ্চাৰী কঠিয়াতলি কৰাৰ নিৰ্দেশনা দিছিল । সেই মতে চিৰাং জিলা কৃষি বিষয়া সদানন্দ মুচাহাৰীয়ে কয় যে চৰকাৰৰ  নিৰ্দেশনা মতে চিৰাঙৰ কাশিকত্ৰাত ১৫০ বিঘা মাটীত ৰঞ্জিত ছাব ওৱান প্ৰজাতিৰ শালিধানৰ কঠীয়াৰ ব্যৱস্থা কৰিছিল ।  আজি জিলাখনৰ বান ক্ষতিগ্ৰস্থ খেতিয়ক সকলৰ মাজত জিলা কৃষি বিভাগে কঠীয়া বিতৰন কৰে । জিলাখনৰ কাজলগাঁও মহকুমাত কিছু সামান্য বান ক্ষতিগ্ৰস্থ খেতিয়ক থাকিলেও বিজনী মহকুমাত অধিক ক্ষতিগ্ৰস্থ হৈছে বুলি জনায় । প্ৰায় ১৫০০ ৰ পৰা দুহেজাৰ কৃষকক এই কঠীয়া বিতৰন কৰিব পাৰিব বুলি জনায় জিলা  কৃষি বিষয়া জনে । চিৰাঙৰ কৃষকক কঠীয়া বিতৰন কৰাৰ পিচতো যদি কঠীয়া ৰৈ যায় সেয়া অইন জিলাৰ কৃষকৰ মাজতো বিতৰন কৰিব পাৰিব বুলিও জনায় কৃষি বিভাগে ।

বাইট : সদানন্দ মুচাহাৰী, জিলা কৃষি বিষয়া ।

Conclusion: আজি এই কঠীয়া বিতৰন অনুষ্টানত জিলা অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম,কাশিকত্ৰা ভিচিডিচিৰ সভাপতি অনিৰাম মুচাহাৰী সহ জিলা কৃষি বিভাগৰ ভালে সংখ্যক লোক উপস্থিত থাকে । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.