ETV Bharat / state

কোকৰাঝাৰৰ এনকাউন্টাৰৰ বিৰুদ্ধে চিৰাঙত ABSUৰ ধৰ্ণা কাৰ্যসূচী - Chirang

কোকৰাঝাৰৰ এনকাউন্টাৰৰ ন্যায়িক তদন্তৰ দাবীত চিৰাঙত এবছুৰ প্ৰতিবাদ । চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ এবছুৰ জিলা সমিতিৰ । জিলাৰ উল্টাপানী বনাঞ্চলত জৌংছাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মৰ হোৱা এনকাউন্টাৰক ভুৱা আখ্যা দি প্ৰতিবাদ সাব্যস্ত কৰে এবছুৰ সদস্যসকলে ।

ABSU protest against Kokrajhar encounter
কোকৰাঝাৰৰ এনকাউন্টাৰৰ বিৰুদ্ধে চিৰাঙত ABSUৰ ধৰ্ণা কাৰ্যসূচী
author img

By

Published : Sep 23, 2021, 7:17 PM IST

চিৰাং, ২৩ ছেপ্টেম্বৰ : কোকৰাঝাৰ জিলাৰ উল্টাপানী বনাঞ্চলত হোৱা এনকাউণ্টাৰক ভুৱা আখ্যা দি প্ৰতিবাদ সাব্যস্ত কৰিলে এবছুৰ চিৰাং জিলা সমিতিয়ে । বুধবাৰে দিনৰ ১১ বজাৰ পৰা চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা এবছুৰ কৰ্মকৰ্তাই দুঘন্টীয়া ধৰ্ণা কাৰ্য‍সূচী ৰূপায়ণ কৰে । উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ উল্টাপানী বনাঞ্চলত জৌংছাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম নামৰ দুজন লোকক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনাক ভুৱা এনকাউন্টাৰ অভিযোগ তুলি কাজলগাঁৱত চিৰাং জিলা এবছুৰ উদ্যোগত আৰু বড়ো সাহিত্য সভা, ট্ৰাইবেল সংঘ আদিকে ধৰি বিভিন্ন দল সংগঠনৰ সহযোগত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

কোকৰাঝাৰৰ এনকাউন্টাৰৰ বিৰুদ্ধে চিৰাঙত ABSUৰ ধৰ্ণা কাৰ্যসূচী

কাজলগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ যোগকেন্দ্ৰত পাঁচ শতাধিক পুৰুষ-মহিলাই একত্ৰিত হৈ উল্টাপানীৰ জৌংছাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মৰ ভুৱা এনকাউন্টাৰৰ ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্টাপানীৰ এনকাউন্টাৰক লৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, এবছুৱে সদায় শান্তি বিচাৰে । শান্তি প্ৰতিষ্ঠাৰ নামত অন্যায়ভাৱে ভুৱা এনকাউন্টাৰ কৰি নিৰীহ যুৱকক হত্যা কৰা ঘটনাৰ গৰিহণা জনায় সংগঠনটোৱে । সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে লগতে কয় যে, এই ঘটনাৰ ন্যায়িক তদন্তৰ লগতে চৰকাৰে ভুক্তভোগী পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ দিব লাগিব ।

ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয়, চৰকাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বুলিও তেওঁ মন্তব্য কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত এবছুৰ উপ-সভাপতি খৌৰমদাউ ৱেৰিয়ো উপস্থিত থাকে ।

লগতে পঢ়ক:চিৰাঙত আমছুৰ মানৱ শৃংখল কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.