চিৰাং, 30 জুলাই : শুকুৰবাৰে চিৰাঙৰ (chirang) বাসুগাঁওৰ গয়বাৰীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ(ABSU) ২৫ সংখ্যক সন্ত্ৰাস বিৰোধী দিৱস উদযাপন । উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দুজনকৈ মন্ত্ৰী ক্ৰমে ৰণজিৎ কুমাৰ দাস, উৰ্খাউ গৌৰা ব্ৰহ্ম ৷ লগতে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োসহ বিটিআৰৰ কেইবাজনো কাৰ্যবাহী সদস্য । শুকুৰবাৰে পুৱা ৮.৩০ মিনিটত এবছুৰ সভাপতি দ্বিপেন বড়োৱে এবছুৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।
উল্লেখযোগ্য যে, চিৰাঙৰ গয়বাৰীত অনুষ্ঠিত হৈছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ(ABSU) ২৫ সংখ্যক সন্ত্ৰাস বিৰোধী দিৱস । এবছুৰ প্ৰাক্তন সভাপতি জৌহৌলাউ সোম্বলা বসুমতাৰী বিগত ১৯৯৬ চনৰ আজিৰ দিনটোতে উগ্ৰপন্থীৰ হাতত নিহত হৈছিল আৰু সেই দিনাৰ পৰা 30 জুলাইৰ দিনটোক এবছুয়ে সন্ত্ৰাস বিৰোধী দিৱস হিচাবে উদযাপন কৰি আহিছে । এবছুৰ সভাপতি দ্বিপেন বড়োৱে অনুষ্ঠানত উপস্থিত হৈ কয় যে, এবছুৰ এই দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত সাৰ্থকতা লাভ কৰিবলৈ সক্ষম হৈছে । বিটিআৰৰ সকলো উগ্ৰপন্থী সংগঠন মূল সুঁতিলৈ ঘুৰি অহাত সন্ত্ৰাসবাদৰ সমস্যাৰ পৰা মুক্ত হৈছে বিটিআৰ অঞ্চল ।
লগতে তেওঁ কয়, সমাজত এতিয়া অস্ত্ৰৰ সন্ত্ৰাস নাথাকিলেও ড্ৰাগছৰ সন্ত্ৰাস আছে । ড্ৰাগছে যুৱ সমাজ ধ্বংস কৰি আছে । গতিকে আমি সকলো ধৰণৰ সমাজবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে থিয় দিব লাগিব ৷ ইপিনে পুৱা দহ বজাত অনুষ্ঠানত গৈ উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (HIMANTA BISWA SARMA) । মুখ্যমন্ত্ৰী গৰাকীয়ে জৌহৌলাউ সোম্বলা বসুমতাৰীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাই মুকলি সভাত অংশগ্ৰহণ কৰে । সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, সন্ত্ৰাসবাদ তথা উগ্ৰপন্থী সমস্যা নিৰ্মূলকৰণৰ বাবে এবছুয়ে দীৰ্ঘদিনৰ পৰাই সংগ্ৰাম অব্যাহত ৰাখিছিল । যাৰ ফলশ্ৰুতিত আজি উগ্ৰপন্থী সমস্যা দূৰ কৰিবলৈ সক্ষম হৈছে বিটিআৰ অঞ্চলত ।
ইপিনে এনডিএফবি তথা এনএলএফবি মূল সুঁতিলৈ ঘূৰি আহিছে । আমি অসম চৰকাৰে ১ কোটি ৬০ লাখ টকা প্ৰাক্তন উগ্ৰপন্থী সকলৰ সংস্থাপনৰ বাবে ধাৰ্য কৰিছো বুলি জনায় মুখ্যমন্ত্ৰীয়ে । আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, উগ্ৰপন্থী সমস্যা দূৰ হলেও আমাৰ মাজত আন কিছু সমস্যাই মূৰ দাঙি উঠিছে । সন্ত্ৰাসবাদ কেৱল অস্ত্ৰৰে নহয়, ড্ৰাগছো এতিয়া আমাৰ সমাজত সন্ত্ৰাস হৈ থিয় দিছে ৷ গতিকে আমি ড্ৰাগছ আৰু মানৱ সৰবৰাহকাৰী তথা অন্য অসামাজিক কাৰ্যৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিব লাগিব ।
একেদৰে অসম জীয়ৰী লাভলীনাৰ বিজয়তো আনন্দিত বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কেৰে ৷ লাভলীনাই যাতে সোণৰ পদক আনিব পাৰে অসমলৈ তাৰ বাবে সকলোকে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই । শেহতীয়াকৈ অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা সংঘাতৰ (ASSAM-MIZORAM INTER STATE BORDER CONFLICT )সৰ্ন্দভতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা দেখা যায় ৷ তেওঁ কয় যে, মিজোৰামৰ যিসকল নেতাই প্ৰৰোচনামূলক মন্তব্য দি আছে তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰা হ’ব । আনহাতে মিজোৰামৰ সৈতে যাতে অসমৰ জনসাধাৰণে যোগাযোগ কমকৈ কৰে তাৰ বাবেও আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়কঃ অসম-মিজোৰাম সীমান্তত নিহত শ্বহীদলৈ ধুবুৰী জিলা ছাত্ৰ মুক্তিৰ শ্ৰদ্ধাঞ্জলি