ETV Bharat / state

মন্ত্ৰী হিমন্ত বিশ্বক ক’লা পতাকা প্ৰদৰ্শন বিজনী আঞ্চলিক আছুৰ

author img

By

Published : Dec 7, 2020, 7:34 AM IST

দেওবাৰে বিজনীত নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন বিজনী আঞ্চলিক আছুৰ ৷ 19 নং থুৰীবাৰী পৰিষদীয় সমষ্টিৰ বৰ্তমানৰ বিজেপি প্ৰাৰ্থী অবিৰাম মহানায়কক অসমীয়া বিৰোধী প্ৰাৰ্থী হিচাপে অভিহিত কৰি তেওঁৰ সমৰ্থনত ভোট নিদিবলৈ বিজনীৰ জনতাক আহ্বান আছুৰ ৷

aasu black flag to himanta
হিমন্ত বিশ্বক ক’লা পতাকা প্ৰদৰ্শন বিজনী আছুৰ

চিৰাং,7 ডিচেম্বৰ : চিৰাং জিলাৰ বিজনীত দেওবাৰে নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হোৱাৰ পাচতে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ক্ষোভ উজাৰে বিজনী আঞ্চলিক আছুৱে ৷ বিজেপিৰ পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ সময়ত মন্ত্ৰীগৰাকীক ক’লা পতাকা প্ৰদৰ্শন কৰে আছুৱে ৷

কা আমি নামানো, হিমন্ত বিশ্ব মুৰ্দাবাদ, বিজেপি গ’ বেক ইত‍্যাদি শ্ল’গানেৰে বিজনী কঁপাই তোলে সংগঠনটোৱে । উল্লেখ্য যে, বিজনীৰ 19 নং থুৰীবাৰী পৰিষদীয় সমষ্টিৰ বৰ্তমানৰ বিজেপি প্ৰাৰ্থী অবিৰাম মহানায়কে 2016 চনত বিজনীত বাইক ৰেলীৰে অসমীয়া মূৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে আছুৱে । কোনো পধ‍্যেই অসমীয়া বিৰোধী প্ৰাৰ্থীক ভোট নিদিবলৈ বিজনী আছুৱে আহ্বান জনাইছে বিজনীবাসী ৰাইজক ৷

লগতে পঢ়ক : একেখন মঞ্চতে আজমল-ৰিপুন-ৰকিবুল; কি আহ্বান জনালে ৰাইজক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.