ETV Bharat / state

জনজাতিকৰণৰ দাবীৰে চিৰাঙত আছাৰ প্ৰতিবাদ

author img

By

Published : Oct 15, 2020, 6:47 PM IST

অসমৰ আদিবাসী সকলক জনজাতিকৰণৰ দাবীৰে চিৰাঙত প্ৰতিবাদ ৷ চিৰাঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আছাৰ প্ৰতিবাদ ৷ পাঁচদফীয়া দাবীৰে চিৰাং জিলা সমিতিৰ আদিবাসী সেংগেল অভিযান নামৰ সংগঠনটোৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত ৷

জনজাতিকৰণৰ দাবীৰে চিৰাঙত আছাৰ প্ৰতিবাদ
জনজাতিকৰণৰ দাবীৰে চিৰাঙত আছাৰ প্ৰতিবাদ

চিৰাঙ, 15 অক্টোবৰ: অসমৰ আদিবাসী সকলক জনজাতিকৰণৰ দাবী তুলি চিৰাঙত আছাৰ উত্তাল প্ৰতিবাদ ৷ পাঁচদফীয়া দাবীৰে চিৰাং জিলা সমিতিৰ আদিবাসী সেংগেল অভিযান নামৰ সংগঠনটোৰ উদ্যোগত চিৰাঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৷ শীঘ্ৰে আদিবাসী সকলৰ সমস্য সমাধানৰ দাবী প্ৰতিবাদকাৰীৰ ৷

আদিবাসী সকলক জনজাতিকৰণৰ দাবীৰে চিৰাঙত প্ৰতিবাদ

দুঘন্টীয়া প্ৰতিবাদ কাৰ্যসূচী হাতত লৈ প্ৰতিবাদকাৰী সকলে অসমৰ জনজাতি সকলক শীঘ্ৰে জনজাতিকৰণ কৰাৰ বাবে দাবী উত্থাপন কৰা উপৰিও ঝাৰখণ্ডত চাওতালি ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া আৰু ঝাৰখণ্ডৰ চিদো কানহু মুৰমুৰ বংশধৰক নিৰাপত্তা দিয়াৰ দাবী উত্থাপন কৰে ৷ চিদো-কানহু মুৰমুৰৰ নামত ঝাৰখণ্ড চৰকাৰে দুখন স্থায়ী ট্ৰাষ্ট নিৰ্মাণ কৰা আৰু আদিবাসী সকলৰ বাবে চাৰনা ধৰম ক’ডক আদিবাসীৰ ধৰ্ম ক’ড ’চাৰনা’ হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত যাতে কেন্দ্ৰীয় চৰকাৰে উচিত ব্যৱস্থা গ্ৰহন কৰে তাৰ বাবেও প্ৰতিবাদকাৰীসকলে দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: সোণোৱাল চৰকাৰ এখন অদক্ষ চৰকাৰ: অসম জাতীয় পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.