ETV Bharat / state

বঙাইগাঁৱৰ ঢালিগাঁৱত আমছুৰ সজাগতা সমদল

সংখ্যালঘু সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ অ-সামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে ছাত্ৰ সংগঠন আমছুৰ কেন্দ্ৰীয় সমিতিয়ে এলানি কাৰ্যসূচী ঘোষণা কৰিছিল আৰু সেই মতেই সমগ্ৰ অসমত আমছুৰ জিলা আৰু আঞ্চলিক সমিতি সমূহে এই ধৰণৰ সজাগতামূলক কাৰ্য্যসূচি ৰূপায়ন কৰি আহিছে ।

author img

By

Published : Jun 30, 2019, 2:11 PM IST

বঙাইগাঁৱৰ ঢালিগাঁৱত আমছুৰ সজাগতা সমদল

বঙাইগাঁও , ৩০ জুন: সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে সমগ্ৰ অসমতে সংখ্যালঘু সমাজত প্ৰচলিত থকা বিভিন্ন অসামাজিক কাৰ্য্যকলাপ বন্ধৰ দাবীত সজাগতামুলক কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । তেনে সময়তে আজি বঙাইগাঁও জিলা সমিতিৰ অন্তৰ্গত ঢালিগাঁও আঞ্চলিক সমিতি আমছুয়ে বৰপথাৰ বজাৰৰ পৰা আৰম্ভ কৰি বৰপথাৰ দীৰ্ঘ প্ৰায় পাঁচ কি:মি: অতিক্ৰম কৰি পুনৰ বৰপথাৰ প্ৰাথমিক বিদ্যালয়লৈ এক সজাগতা সমদল উলিয়াই । এই সজাগতা সমদলৰ পিচতে আন এক সজাগতা সভা অনুষ্ঠিত হয় ।

বঙাইগাঁৱৰ ঢালিগাঁৱত আমছুৰ সজাগতা সমদল

বঙাইগাঁও জিলা সমিতি আমছুৰ সভাপতি হজৰত আলীৰ সভাপতিত্বত অনুষ্ঠিত এই সজাগতা সভাত সংখ্যালঘু সমাজত প্ৰচলিত বাল্যবিবাহ, শিশু শ্ৰমিক, মদ, জুৱাকে আদি কৰি সকলোবোৰ অসামাজিক কাৰ্যকলাপৰ বিষয়ে সজাগতামূলক আলোচনা কৰা হয় । এই সভাত বঙাইগাঁও জিলা সমিতি আমছুৰ উপদেষ্টা তফিৰুদ্দিন আহমেদ উপস্থিত থাকি নিজৰ বক্তব্য আগবঢ়াই । সমগ্ৰ অসমতে সংখ্যালঘু সমাজত প্ৰচলিত থকা এই সমূহ অসমাজিক কাৰ্য্যকলাপ বন্ধ নকৰালৈকে জনগোষ্ঠীটোৰ উন্নয়ন সম্ভৱ নহয় বুলি আমছু নেতৃত্বই মন্তব্য কৰে । সেয়ে সংগঠনটোৱে সংখ্যালঘু সমাজৰ সমূহ নেতৃত্ব আৰু স্থানীয় লোকৰ লগতে যুৱক সকলক এই ক্ষেত্ৰত আগবাঢ়ি আহি জনগোষ্ঠীটোক উদ্ধাৰৰ আহ্বান জনায় ।

Intro:বঙাইগাঁও জিলাৰ ঢালিগাঁওত আমছুৰ সজাগতা সমদল তথা সজাগতা সভা । সংখ্যালঘু সমাজত প্ৰচলিত বিভিন্ন ধৰনৰ অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে ছাত্ৰ সংগঠন আমছুৰ কেন্দছৰীয় সমিতিয়ে এলানি কাৰ্য্যসুচি ঘোষনা কৰিছিল আৰু সেই মতেই সমগ্ৰ অসমত আমছুৰ জিলা আৰু আঞ্চলিক সমিতি সমুহে এই ধৰনৰ সজাগতামুলক কাৰ্য্যসুচি ৰূপায়ন কৰি আছে । Body:সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে সমগ্ৰ অসমতে সংখ্যালঘু সমাজত প্ৰচলিত থকা বিভিন্ন অসামাজিক কাৰ্য্যকলাপ বন্ধৰ দাবীত সজাগতা মুলক কাৰ্য্যসুচি ৰূপায়ন কৰি আহিছে । আজি বঙাইগাঁও জিলা সমিতিৰ অন্তৰ্গত ঢালিগাঁও আঞ্চলিক সমিতি আমছুয়ে আয়োজন কৰা সজাগতা মুলক কাৰ্য্যসুচি বৰপথাৰ বজাৰৰ পৰা আৰম্ভ কৰি আহি বৰপথাৰ দীৰ্ঘ প্ৰায় পাঁচ কি:মি: অতিক্ৰম কৰি আহি পুনৰ বৰপথাৰ প্ৰাথমিক বিদ্যালয়ত একত্ৰিত হয় । তাৰ পিচতে অনুষ্টিত হয় এক সজাগতা সভাৰ । বঙাইগাঁও জিলা সমিতি আমছুৰ সভাপতি হজৰত আলীৰ সভাপতিত্বত অনুষ্টিত এই সজাগতা সভাত সংখ্যালঘু সমাজত প্ৰচলিত বাল্যবিবাহ, শিশু শ্ৰমিক, মদ,জুৱাকে আদি কৰি সকলোবোৰ অসামাজিক কাৰ্য্যকলাপৰ বিষয়ে সজাগতামুলক আলোচনা অনুষ্টিত কৰে । সভাত জিলা বঙাইগাঁও জিলা সমিতি আমছুৰ উপদেষ্টা তফিৰুদ্দিন আহমেদ উপস্থিত থাকি বক্তব্য দিয়ে ।

বাইট : হজৰত আলী,সভাপতি বঙাইগাঁও জিলা আমছু । Conclusion:মুঠতে আমছু কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি সমগ্ৰ অসমতে সংখ্যালঘু সমাজত প্ৰচলিত থকা এই সমুহ অসামাজিক কাৰ্য্যকলাপ বন্ধ নকৰালৈ জনগোষ্টীটোৰ উন্নয়ন সম্ভৱ নহয় বুলিও আমছু নেতৃত্বই দোহাৰে । সেয়ে সংখ্যালঘু সমাজৰ সমুহ নেতৃস্থানীয় লোকৰ লগতে যুৱক সকলক এই ক্ষেত্ৰত আগবাঢ়ি আহি জনগোষ্ঠীটোক উদ্ধাৰৰ আহ্বান জনায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.