চিৰাং , 19 মে': চিৰাং জিলাৰ নাঙলভাঙাস্থিত এখন বাঁহৰ দলং ৷ খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা ডাকত লোৱা ঘাটোৱালজনে নিজৰ টকাৰে খৰালি বতৰত অস্থায়ীভাৱে বাঁহৰ দলঙখন নিৰ্মাণ কৰি লৈছে আৰু দলং পাৰ হোৱাৰ বিনিময়ত ভাড়া দিব লাগে সাধাৰণ ৰাইজে ৷
কিন্তু বাৰিষা বতৰ অহাৰ লগে লগে বাঢ়নি পানীয়ে এই দলং খন উটুৱাই নিয়ে ৷ তাৰ পিচত পুনৰ সেই গতানুগতিক নাও যাত্ৰা আৰম্ভ হয় ৷ ইপিনে নদীৰ পানী অধিক বৃদ্ধি হলে যাতায়াত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে কিয়নো নদীখনত নাও চলাচল বন্ধ কৰি দিয়া হয়৷ ফলত নাঙলভাঙাৰ প্ৰায় 30/35 গাঁও বন্দী হৈ পৰে ৷ অভিযোগ অনুসৰি অঞ্চলটোৰ লোকসকলৰ জীৱনৰেখা এই নাঙলভাঙা নদীৰ দলঙখন নিৰ্মাণৰ বাবে বহু বছৰৰ পৰাই স্থানীয় ৰাইজে দাবী জনাই আহিছে যদিও চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে কোনো সহাৰি পোৱা নাই ৷ লগতে বিটিচি কৰ্তৃপক্ষইয়ো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷ আনহাতে প্ৰতি বছৰেই নিৰ্বাচনৰ সময়ত এই দলং খনক ৰাজনৈতিক দল সমূহে ৰাজনৈতিক ইচ্ছ্যু বনাই লয় যদিও কাৰ্যত নিৰ্বাচন পাৰ হোৱাৰ পিচত কোনো কামে নহয় বুলি জনাই অঞ্চলবাসীয়ে ৷