ETV Bharat / state

50 হাজাৰ টকা চুৰ কৰি ৰঙাঘৰত সোমাল বীৰেন্দ্ৰ-ঋষি - 50 হাজাৰ টকা চুৰ কৰি ৰঙাঘৰৰ আলহী হ’ল বৰহাটৰ দুই যুৱক

গৃহস্থৰ ঘৰৰ পৰা 50 হাজাৰ টকা চুৰ কৰি বৰহাট আৰক্ষীৰ জালত পৰিল বীৰেন্দ্ৰ দাস আৰু ঋষি তাঁতী নামৰ দুই যুৱক (Borhat police arrested Two thieves) ৷ চৰাইদেউৰ বৰাছালি চাহ বাগিচাত সংঘটিত হৈছিল এই চুৰিকাণ্ড ৷

Two thieves arrested in Charaideo
50 হাজাৰ টকা চুৰ কৰি ৰঙাঘৰৰ আলহী হ’ল বৰহাটৰ দুই যুৱক
author img

By

Published : Jun 26, 2022, 9:20 PM IST

মৰাণ, 26 জুন : চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰাছালি চাহ বাগিচাত সংঘটিত হয় এক চুৰিকাণ্ড ৷ গৃহস্থৰ অনুপস্থিতিৰ সুযোগ গ্ৰহণ কৰি দুই চোৰে লুটি নিলে 50 হাজাৰ টকা ৷ অৱশ্যে ঘটনা সংঘটিত কৰি সাৰি নগ’ল চোৰ দুটা ৷ কম সময়ৰ ভিতৰতে বৰহাট আৰক্ষীয়ে আটক কৰিলে বীৰেন্দ্ৰ দাস আৰু ঋষি তাঁতী নামৰ দুই অভিযুক্তক (Borhat police arrested Two thieves) ৷

ঘটনাৰ বিৱৰণি অনুসৰি, বৰাছালি চাহ বাগিচাৰ নতুন লাইনৰ নিবাসী চিলন্তী খেৰুৱাই বৰহাট শাখা এচ বি আই বেংকৰ পৰা জীয়েকৰ বিয়াৰ বাবে 50 হাজাৰ টকা আনি ঘৰৰ আলমিৰাত থৈ দিছিল । এই খবৰ বিশেষ সূত্ৰে লাভ কৰিছিল সেই অঞ্চলৰে বীৰেন্দ্ৰ দাস আৰু ঋষি তাঁতী নামৰ দুই যুৱকে ৷ তাৰ পাচৰে পৰা সুযোগৰ সন্ধানত থকা দুই চোৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ সমুদায় টকা লৈ উধাও হয় ৷

50 হাজাৰ টকা চুৰ কৰি ৰঙাঘৰৰ আলহী হ’ল বৰহাটৰ দুই যুৱক

চুৰিকাণ্ড সংঘটিত হোৱাৰ পাচতে ভুক্তভোগী পৰিয়ালটো কাষ চাপে বৰহাট আৰক্ষীৰ ৷ গৃহস্থই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ৷ সেই তদন্তৰ আলমত আৰক্ষীয়ে বীৰেন্দ্ৰ দাস আৰু ঋষি তাঁতীৰ ঘৰৰ চিলিঙৰ ওপৰত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে চুৰি হোৱা টকাখিনি ৷

টকাখিনি উদ্ধাৰ কৰাৰ লগতে বৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত বীৰেন্দ্ৰ দাস আৰু ঋষি তাঁতী নামৰ যুৱকদ্বয়ক (Two thieves arrested in Charaideo) ৷

লগতে পঢ়ক : নগাঁও চহৰত এতিয়া মুক্তভাৱেই সেৱন কৰিব পাৰে নিষিদ্ধ ড্ৰাগছ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.