ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 7 PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Dec 26, 2022, 8:12 PM IST

Controversy on Bagh Hazarika: বাঘ হাজৰিকা ঐতিহাসিক চৰিত্ৰ নহয়, ড৹ মাধুৰ্যমণ্ডিত বৰুৱা

বাঘ হাজৰিকা ঐতিহাসিক চৰিত্ৰ নহয় (controversy on existence of Bagh Hazarika) ৷ বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ । বাংলা ভাষা প্ৰাচীন কামৰূপী ভাষাৰ সম্প্ৰসাৰিত ৰূপহে । শংকৰদেৱৰ জন্মকাল ১৪৫৯ খ্ৰীষ্টাব্দহে, ১৪৪৯ নহয় । মহাপুৰুষ হৰিদেৰ জীৱনকাল ১৪০ বছৰ নহয় । ১০১ বছৰহে জীৱিত আছিল হৰিদেৱ । নলবাৰীৰ নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত সংবাদমেলযোগে এনে বহু বিষ্ফোৰক মন্তব্য কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট লেখক-গৱেষক ড৹ মাধুৰ্যমণ্ডিত বৰুৱাৰ ৷

Corona Positive Foreigner: গয়াত ৪ কৰোনা পজিটিভ বিদেশীৰ সন্ধান

চীনত বিয়পি পৰা কৰোনা বিএফ.৭-ৰ নতুন প্ৰকাৰৰ সম্ভেদ এতিয়া দেশতো ওলাইছে । বিহাৰৰ গয়াত কৰোনা বিস্ফোৰণ সংঘটিত হৈছে । তাত চাৰিজন বিদেশীক কৰোনা পজিটিভ পোৱা গৈছে । তেওঁলোক লগে লগে আইছ'লেচনলৈ প্ৰেৰণ কৰা হৈছে (Foreigner found Corona Positive in Gaya) ।

Leopard terror at Teok : নাহৰফুটুকীৰ ত্ৰাসত ত্ৰস্তমান টীয়কবাসী

টীয়কত নাহৰফুটুকীৰ ত্ৰাস (Leopard terror at Teok) ৷ এইবাৰ টীয়কৰ চটাই বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান চৌহদত ওলাইছে এটা নাহৰফুটুকী ৷ এই নাহৰফুটুকীটোৰ আক্ৰমণত আহত হৈছে দুই বনকৰ্মীসহ প্ৰতিষ্ঠানটোৰ এগৰাকী আৱাসিক মহিলা (Two forester injured in Leopard at Teok)৷ নাহৰফুটুকীৰ আক্ৰমণত আহত দুই বনকৰ্মী ক্ৰমে জিতুমণি বৰা আৰু প্ৰবোধ শইকীয়া বুলি জানিব পৰা গৈছে ।

Pari Rangpi Passes Away: কাৰ্বি আংলঙৰ বিশিষ্ট কবি সাহিত্যিক পাৰি ৰংপীৰ দেহাৱসান

কাৰ্বি আংলঙৰ বিশিষ্ট কবি-সাহিত্যিক পাৰি ৰংপীৰ দেহাৱসান (Karbi Anglongs eminent litterateur Pari Rangpi passes away) । সোমবাৰে পুৱা ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱাৰ পথতে মৃত্যু ঘটে তেওঁৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭৮ বছৰ । পাৰি ৰংপিৰ মৃত্যু বিশ্বাস কৰিব পৰা নাই- পদ্মশ্ৰী ৰংবং তেৰাং ।

আৰএন কুপাৰ হাস্পতালৰ কৰ্মচাৰীৰ দাবী "সুশান্ত সিঙক হত্যা কৰা হৈছিল; হাস্পতাল কৰ্তৃপক্ষই সত্য লুকুৱাই ৰাখিছে"

"তেওঁৰ শৰীৰটো বিকৃত অৱস্থাত আছিল । তেওঁ সেই ভঙা হাত আৰু ভৰিৰে নিজকে ফাঁচী লগোৱাৰ সম্ভৱ নহয়, এয়া অসম্ভৱ । ইয়াৰ উপৰিও তেওঁৰ ডিঙিৰ চিহ্নবোৰো সাধাৰণতে এজন ব্যক্তিয়ে নিজকে ওলমাই দিলে যেনেকুৱা হয় তাতকৈ বেলেগ আছিল", আৰএন কুপাৰ চিকিৎসালয়ৰ কৰ্মচাৰীজনে দাবী কৰে (Sushant Singh death) ।

Platinum Jublee of ATTSA: আটছাৰ মহাৰজত জয়ন্তী উপলক্ষে ড্ৰাগছ সজাগতাৰ ওপৰত বাইক ৰেলী

গোলাঘাটত সোমবাৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ হৈছে (Platinum Jublee of ATTSA at Golaghat)। মহাৰজত জয়ন্তীৰ সৈতে সংগতি ৰাখি ড্ৰাগছৰ বিৰুদ্ধে নৱ প্ৰজন্মক সজাগ কৰিবলৈ আটছাৰ উদ্য়োগত আজি উলিওৱা হয় এক বাইক ৰেলী (Drugs awareness Bike Rally of ATTSA)। এই সমদলটোৰ শুভ উদ্বোধন কৰে গোলাঘাট জিলাৰ উপ-আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱাই । উক্ত অনুষ্ঠানটোত উপস্থিত থাকে আটছাৰ কেন্দ্ৰীয় নেতৃত্ব । এই উপলক্ষে বিভিন্ন বাৰেৰহণীয়া কাৰ্যসূচীৰ আয়োজন কৰা বুলি উদ্য়োক্তাসকলে সদৰি কৰিছে ।

NIA Special Court verdict : হিজবুল মুজাহিদীন নিযুক্তি গোচৰত অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড NIA আদালতৰ

হিজবুল মুজাহিদিন নিযুক্তি সম্পৰ্কীয় গোচৰৰ ৰায়দান । ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অসমৰ বিশেষ আদালতে হোজাই জিলাত ২০১৮ চনত পঞ্জীয়ন হোৱা গোচৰৰ ৰায়দান কৰে । অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহে NIA বিশেষ আদালতে (NIA special court Assam verdict on HM case) ।

Wild Elephant attack: সোণাৰিৰ মঞ্জুশ্ৰী বাগিচাত হাতীৰ আক্ৰমণত দুজনৰ মৃত্যু

সোণাৰিৰ মঞ্জুশ্ৰী চাহ বাগিচাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা (Wild Elephant attack in Sonari) । নিশা বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল দুজনকৈ যুৱকৰ (Youths killed in an elephant attack) । দেওবাৰে নিশা বৰদিন উদযাপন কৰি ঘৰলৈ উভতি অহাৰ সময়তে মঞ্জুশ্ৰী বাগিচাৰ ১০ নং লাইনত বনৰীয়া হাতীৰ আক্ৰমণ নিহত হয় বিকাশ তাঁতী(১৯) আৰু গোবিন তাঁতী(১৮) নামৰ দুই যুৱকৰ ।

Inter Club Athletics Competition: টিংখাঙত ডিব্ৰুগড় জিলা আন্তঃক্লাৱ এথলেটিকছ প্ৰতিযোগিতা

ক্ৰীড়াৰ জৰিয়তে এখন সুস্থ সৱল সমাজ নিৰ্মাণ তথা খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে গাওঁ আৰু নগৰ অঞ্চলৰ সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্য়ৰে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত অনুষ্ঠিত হৈছে ডিব্ৰুগড় জিলা আন্তঃক্লাৱ এথলেটিকছ প্ৰতিযোগিতা ২০২২ (Dibrugarh District Inter Club Athletics Competition)। টিংখাং স্প'ৰ্টছ এছ'চিয়েচনৰ আতিথ্যত ৰাইদঙীয়া যুৱক সংঘ আৰু টিংখাঙবাসীৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এথলেটিকছ প্ৰতিযোগিতাখনি (Tingkhang Sports Association) ।

Robbery at Tinsukia: মাকুমত নিৰাপত্তাৰক্ষীৰ সন্মুখতেই ডকাইতে নিলে টকাৰ বাকচ

তিনিচুকীয়া জিলাৰ মাকুমৰ চট' হাপজানত সোমবাৰে পুৱতি নিশা সংঘটিত হৈছে এক ৰহস্যজনক ডকাইতি কাণ্ড (Mysterious robbery at Makum) ৷ Jio Martৰ Connect Indiaত সংঘটিত হৈছে এই ডকাইতি কাণ্ডটো (Robbery at Makums Choto Hapjan) ৷ ডকাইতৰ দলটোৱে প্ৰতিষ্ঠানটোৰ পৰা উঠাই নিয়ে এটা টকাৰ বাকচ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.