বকো-ছয়গাঁও কংগ্ৰেছ শূন্য হ'ব নেকি !
পুনৰায় কংগ্ৰেছত খহনীয়া ৷ এইবাৰ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে দল ত্যাগ কৰাৰ চৰ্চা চলিছে (Rekibuddin to quit Congress party)। বকোৰ বিধায়িকা নন্দিতা দাসৰ নামো চৰ্চাত আছে । অগপত যোগদান সম্ভাৱনা আছে দুয়োগৰাকী বিধায়কৰ ।
বিহপুৰীয়াত "বিধায়ক কাপ” শীৰ্ষক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা
বিহপুৰীয়াত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা (MLA Cup football tournament starts) আৰম্ভ ৷ অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে (Minister Jogen Mahan at Bihpuria) উদ্বোধন কৰে উক্ত প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাৰ উদ্বোধনী খেলত বিহপুৰীয়া এফ চি-য়ে এটা গ'লৰ ব্যৱধানত বেদেতী এফ চি-ক পৰাজিত কৰে ৷
Disha Tiger enjoying their Holiday On Seaside : সমুদ্ৰতীৰত অৱসৰ কটাইছে দিশা-টাইগাৰে
সমুদ্ৰতীৰত অন্তৰংগ মূহুৰ্তত দিশা আৰু টাইগাৰ (Disha Tiger enjoying their Holiday On Seaside) ৷ সামাজিক মাধ্যমৰ লগতে অনুৰাগীৰ মাজত তোলপাৰ লগাইছে দিশা-টাইগাৰৰ ফটোৱে ৷
GST Changes from 1 January : পহিলা জানুৱাৰীৰ পৰা সলনি হ’ব এনে কেতবোৰ নিয়ম
চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ (GST)ৰ হাৰ আৰু প্ৰক্ৰিয়াত কেইবাটাও পৰিৱৰ্তন আনিছে । এই পৰিৱৰ্তনবোৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব (GST rules changes from Jan 2022)। ইয়াৰ ফলত সাধাৰণ মানুহৰ বাবে বহুতো সামগ্ৰী ব্যয়বহুল হ'ব । ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা হোৱা পৰিৱৰ্তনবোৰৰ বিষয়ে জানো আহক ।
Omicron cases increase in India : ভাৰতত অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ৭৮১ জনলৈ বৃদ্ধি
প্ৰতিদিনে শংকা বৃদ্ধি কৰিছে ক'ভিড-১৯ ৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণে । এতিয়ালৈকে দেশত ৭৮১ জন লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি (Omicron cases rises in India) । ৰাজধানী দিল্লীত অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ২৩৮ জন ।
মুম্বাইত দ্ৰুত গতিত বৃদ্ধি হৈছে COVID-19 ত আক্ৰান্তৰ সংখ্যা ; নতুনকৈ ১,৩৭৭ জন আক্ৰান্ত
মুম্বাইত বিগত ৭ মাহৰ ভিতৰত মঙলবাৰৰ দিনটোত আটাইতকৈ বেছি লোক আক্ৰান্ত হ'ল ক'ভিড-১৯ ত (Covid cases increase in Mumbai) । বিগত ২৪ ঘণ্টাত মহামাৰীৰ কবলত পৰিল মুম্বাইৰ ১,৩৭৭ জন লোক । মঙলবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ ৭০ শতাংশ বৃদ্ধিয়ে শংকিত কৰি তুলিছে মুম্বাইবাসীক ।
সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ গোলাঘাটৰ পৰিবহণ বিভাগ
সুৰাপান কৰি বাহন চলোৱা চালকক নাকী লগাবলৈ তৎপৰ হৈছে পৰিবহণ বিভাগ । নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভাগটোৱে অব্যাহত ৰাখিছে অভিযান । মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনা মুক্ত অসম গঢ়াৰ পৰিকল্পনাক সাৰ্থক কৰিবলৈ দিনে-নিশাই অভিযান চলাইছে বিভাগটোৱে । মঙলবাৰে নিশা গোলাঘাটতো সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলালে পৰিবহণ বিভাগৰ বিষয়াসকলে (Golaghat transport department drive against traffic rule violators) ।
Medical aid cheque : চিকিৎসা সাহায্যৰ চেক বিতৰণ সাংসদ দিলীপ শইকীয়াৰ
নলবাৰীৰ কেইবাটাও পঞ্চায়তৰ অন্তৰ্গত ৰোগাক্ৰান্ত লোকৰ মাজত চিকিৎসা সাহায্যৰ চেক বিতৰণ । সাংসদ দিলীপ শইকীয়াই বিতৰণ কৰে চেকসমূহ (MP Dilip Saikia distributes medical aid cheques)। অনাগত দিনত অঞ্চলটোত কেইবাটাও নতুন আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতি সাংসদ গৰাকীৰ ।
চিৰবিদায় মাগিলে পংখুৰী ষ্টাৰ্ট আপৰ প্ৰতিষ্ঠাপক পংখুৰী শ্ৰীবাস্তৱে
গ্ৰেবহাউচ আৰু পংখুৰী ষ্টাৰ্ট আপৰ প্ৰতিষ্ঠাপক পংখুৰী শ্ৰীবাস্তৱ আৰু নাই(Entrepreneur Pankhuri Shrivastava passed away) । ৩২ বছৰ বয়সতে চিৰবিদায় মাগিলে উদ্যোগীগৰাকীয়ে । হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হয় পংখুৰী শ্ৰীবাস্তৱৰ ।
Forest Department Fails to Chase elephants : দুষ্ট চক্ৰৰ বাবেই হাতী খেদাত ব্যৰ্থ বন বিভাগ
নগাঁৱৰ বিভিন্ন অঞ্চলত এতিয়া বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ দিনে-নিশাই হাতীৰ বাবে আতংকত দিন পাৰ কৰিছে ৰাইজে ৷ বন বিভাগৰ লোকেও সকাহ দিব পৰা নাই ৰাইজক (Forest Department Fails to Chase elephants) ৷