ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি - TOP 10 AT 3PM

3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি
3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Oct 29, 2021, 3:02 PM IST

চাৰ্ভেৰ বৃদ্ধ দম্পতী হত্যাকাণ্ড : হত্যাৰ কথা স্বীকাৰ আকাশ চৌধুৰীৰ

মহানগৰীত চাৰ্ভেত বৰুৱা দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে মূল অভিযুক্ত আকাশ চৌধুৰীয়ে ৷ আকাশৰ পত্নীকো বশিষ্ঠ থানাত চলোৱা হৈছে জেৰা ৷

৭,৯৬,৪৫৬ গৰাকী ভােটাৰে নির্ণয় কৰিব ৩১ গৰাকী প্রার্থীৰ ভাগ্য

উপ-নির্বাচন(By election)ৰ বাবে সাজু নির্বাচন আয়ােগ । পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত ৪৩,২২৯ গৰাকী নতুন ভোটাৰ । ১,১৭৬টা ভােটগ্রহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা । প্রতিটো ভােটকেন্দ্র স্থাপন কৰা স্থানত থাকিব চি আৰ পি এফৰ জোৱান । উপ-নির্বাচনত নিয়োগ কৰা হ'ব মুঠ ৫,৪১০ গৰাকী ভােটগ্রহণ বিষয়া । দিব্যাংগসকলৰ যাতায়াতৰ বাবে বিশেষ মােবাইল এপ্লিকেশ্যন ।

তামুলপুৰত উপ-নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি বাক্সা জিলা প্ৰশাসনৰ

বাক্সা জিলাৰ অন্তৰ্গত 58 নং তামুলপুৰ বিধানসভা সমষ্টি(Tamulpur Constituency)ত শনিবাৰে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ উপ-নিৰ্বাচন(By Election)ৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বাক্সা জিলা প্ৰশাসন(Baksa District Administration)৷ শুকুৰবাৰে পুৱাৰ ভাগৰে পৰা মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ভৰি পৰিছে নিৰ্বাচনৰ দায়িত্বত থকা কৰ্মচাৰীসকল ।

ভৱানীপুৰত উপ-নিৰ্বাচন : ভোটগ্ৰহণৰ বাবে সাজু বজালী জিলা প্ৰশাসন

ভৱানীপুৰ সমষ্টি(Bhawanipur Constituency)ত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন(By Election)ৰ ভোটগ্ৰহণৰ বাবে সাজু বজালী জিলা প্ৰশাসন(Bajali District Administration) ৷ শুকুৰবাৰে পুৱাৰ ভাগতে ভট্টদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হয় নিৰ্বাচনী দায়িত্বত থকা প্ৰিজাইডিং আৰু প’লিং বিষয়াসকল ৷ ভৱানীপুৰ সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 213 টা ।

পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জ

শুকুৰবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জ ৷ শুকুৰবাৰে পুৱা অগৰাতলি বন বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানৰ মাজেদি মুকলি কৰা হয় বনাঞ্চলখন ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত এই অগৰাতলি বনাঞ্চলখনক পৰ্যটকৰ বাবে মুকলি কৰাৰ সময়ত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ গগৈ, বোকাখাত মহকুমা প্ৰশাসন আৰু বন বিভাগৰ বিষয়াসকল ।

অষ্টম শ্ৰেণীলৈকে পঢ়া ভুৱা চিকিৎসক মইজুলৰ বিৰুদ্ধে ন-ন তথ্য

ভুৱা চিকিৎসক ডাঃ এম. ইছলাম ওৰফে মইজুল ইছলামৰ শিক্ষাগত অৰ্হতাক লৈ পোহৰলৈ আহিছে ন-ন তথ্য ৷ মাত্ৰ অষ্টম শ্ৰেণীলৈকে পঢ়া-শুনা কৰা মইজুলে আন ব্যক্তিৰ শিক্ষাগত প্ৰমাণ পত্ৰ লৈ চলাই আহিছিল চিকিৎসা সেৱা ৷ এই ঘটনা সংঘটিত হৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Keshab Mahanta)ৰ গৃহসমষ্টি কলিয়াবৰত ৷

উৰিয়ামঘাটত শিল ব্যৱসায়ীৰ মাজত গুলীয়াগুলি, আহত 2

সৰুপথাৰৰ উৰিয়ামঘাটৰ দৈয়াং নৈৰ পাৰত শিল ব্যৱসায়ীৰ মাজত গুলীয়াগুলি(Gunfire) ৷ শিল খনন(Stone Mining)ক লৈ এই গুলীয়াগুলি সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি পালে ইন্ধনৰ মূল্য

দেশবাসীৰ মূৰত ৰামটাঙোন শোধাই একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি হ'ল পেট্ৰ'ল-ডিজেলৰ মূল্য । শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত বৃদ্ধি পাইছে ৩৫ পইচা । ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছেগৈ ১০৮.৬৪ টকা । আনহাতে, ডিজেলৰ মূল্যও ৩৫ পইচাকৈ বৃদ্ধি হোৱাৰ ফলত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯৭.৩৭ টকা হৈছেগৈ ।

কামৰূপ আৰক্ষীৰ জালত 64 টা চোৰাং গৰুভৰ্তি এখন ট্ৰাক

বৃহস্পতিবাৰে কামৰূপ আৰক্ষী(Kamrup Police)ৰ অভিযানত জব্দ 64 টা চোৰাং গৰুভৰ্তি এখন ট্ৰাক ৷ আমিনগাঁৱৰ জয়গুৰুত নিজামুদ্দিন কমাৰ্চিয়েল কমপ্লেক্সৰ চৌহদৰ পৰা জব্দ কৰা হয় চোৰাং গৰুকেইটা ৷ গৰুৰ অবৈধ ছিণ্ডিকেট(Illegal Cow Syndicate)ৰ সৈতে জড়িত 9 জনক আটক কৰিছে আৰক্ষীয়ে ৷

গুৱাহাটীৰ আয়ুৰচুন্দ্ৰা হাস্পতালত চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ

বৃহস্পতিবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ(Zubeen Garg) । উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰে শিল্পী গৰাকী । বৰ্তমান গড়চুকস্থিত আয়ুৰচুন্দ্ৰা হাস্পতালত শিল্পীগৰাকীৰ চিকিৎসা চলি আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.