ETV Bharat / state

টীয়ক নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে সোণাৰি - বাঢ়নী পানী

ফেনে-ফুটুকাৰে বাঢ়ি আহিছে টীয়ক নদীৰ পানী ৷ যোৱা কেইদিন ধৰি অসমকে ধৰি নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত সংহাৰী ৰূপ ধাৰণ কৰিছে টীয়ক নদীৰ বাঢ়নী পানীয়ে ৷

teok river floods in sonari
টীয়ক নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে সোণাৰি সদৰ চহৰ
author img

By

Published : Jun 24, 2021, 5:58 PM IST

শিৱসাগৰ, 24 জুন : চৰাইদেউ জিলাৰ সদৰ চহৰ সোণাৰি এতিয়া বানৰ কবলত । যোৱা কেইদিন ধৰি প্ৰবল বৃষ্টিপাতৰ ফলত উজনি অসমৰ বিভিন্ন ঠাইত বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ টাওকা আৰু টীয়ক নদীৰ বাঢ়নী পানীয়ে সোণাৰিৰ বিভিন্ন অঞ্চল প্লাৱিত কৰিছে ।

সোণাৰি নগৰৰ অন্তৰ্গত পাৰ্বতীপুৰ, শান্তিপুৰ, ভৱানীপুৰ, দক্ষিণ সোণাৰি, সেউজীপাম, বৰাহী অঞ্চলৰ লগতে জবকা চাহ বাগিচা, বেঙেনাবাৰী, লুখুকা, কানুবাৰীকে ধৰি কুৰিৰো অধিক অঞ্চল জলমগ্ন হৈ পৰিছে ৷ যাৰ ফলস্বৰূপে শতাধিক লোক এতিয়া অস্থায়ী আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে ৷ তদুপৰি সোণাৰি চহৰৰ অন্তৰ্গত বৃহৎ অঞ্চল প্লাৱিত হৈ থকাৰ ফলত কৃষকসকলৰ পশুধনৰ খাদ্যৰ নাটনি হোৱা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰষাৰ বৰষুণৰ পাচতে টাওকা, টীয়ক তথা পাহাৰীয়া নদীৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পায় ৷ ইয়াৰ লগে লগে জলমগ্ন হৈ পৰে সোণাৰিৰ এটা বৃহৎ অঞ্চল ৷

টীয়ক নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে সোণাৰি সদৰ চহৰ

সাংবাদিকৰ আগত স্থানীয় লোকে কয়, অসম তথা চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ফেনে-ফুটুকাৰে বাঢ়ি অহা টীয়ক নদীৰ পানীয়ে সোণাৰিৰ এটা বৃহৎ অঞ্চল প্লাবিত কৰিছে ৷ ইয়াৰ ফলত শতাধিক লোক প্ৰশাসনৰ ফালৰ পৰা স্থাপন কৰা অস্থায়ী শিবিৰত থাকিবলগীয়া হৈছে ৷ বিভাগীয় ফালৰ পৰা ইতিমধ্যে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে ৷

"এই বান এইবাৰে প্ৰথম নহয় ৷ প্ৰতি বছৰে পাহাৰীয়া ৰাজ্য কেইখনৰ পৰা বৈ অহা টীয়ক নদীকে ধৰি কেইবাখনো নদীৰ বাঢ়নী পানীয়ে সোণাৰি সদৰ চহৰৰ অন্তৰ্গত এটা বৃহৎ অঞ্চল প্লাবিত কৰে ৷ ইয়াৰ প্ৰধান কাৰণ হ'ল টীয়ক নদীৰ বান প্ৰতিৰোধৰ বাবে এটা স্থায়ী মথাউৰি নিৰ্মাণৰ বাবে দাবী কৰাৰ পাচতো আজিকোপতি স্থায়ী মথাউৰি নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে সংশ্লিষ্ট বিভাগে" ৷ সাংবাদিকৰ আগত এইদৰে কয় স্থানীয় লোকে ৷

লগতে পঢ়ক: তিনিচুকীয়াতে অইল ইণ্ডিয়াৰ তেল চুৰিৰ 126টা গোচৰ পঞ্জীয়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.