ETV Bharat / state

চৰাইদেউত উত্তেজিত ৰাইজে জ্বলালে দুটাকৈ বাসগৃহ - চৰাইদেউত দাৰে আক্ৰমণ

চৰাইদেউৰ সোণাৰিত মঙলবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Tense situation at Charaideo) ৷ সুৰাসক্ত হৈ এজন যুৱকে চুবুৰীৰে আন এজনক অজ্ঞাত কাৰণত দাৰে ঘপিওৱাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ উত্তেজিত ৰাইজে জ্বলাই দিয়ে দুটাকৈ বাসগৃহ ৷

চৰাইদেউত উত্তেজিত ৰাইজে জ্বলালে দুটাকৈ বাসগৃহ

author img

By

Published : Jan 5, 2022, 9:32 PM IST

মৰাণ, 5 জানুৱাৰী : চৰাইদেউৰ সোণাৰিৰ শালকাঠনি চাহবাগিছাত মঙলবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Tense situation at Charaideo) ৷ বাগিছাখনৰ ফেক্টৰী লাইনৰ উদণ্ড যুৱক বসন্ত গঢ়ে(৩০) সুৰাসক্ত হৈ একে লাইনৰে নিবাসী পৰীক্ষিত পাটৰ(২৮)ক চোকা দাৰে আক্ৰমণ কৰাৰ পিছতে উত্তেজনাৰ সৃষ্টি হয় ৷ গুৰুতৰভাৱে আহত পৰীক্ষিত পাটৰক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ।

চৰাইদেউত উত্তেজিত ৰাইজে জ্বলালে দুটাকৈ বাসগৃহ

উত্তেজিত জনতাই অগ্নি সংযোগ কৰে আক্ৰমণকাৰী বসন্ত গঢ়ৰ লগতে জেষ্ঠ ভাতৃ টুমানু গঢ়ৰ বাসগৃহত । ঘৰ দুটা জ্বলাই দিয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও আক্ৰমণকাৰী বসন্ত পলাই সাৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি বসন্ত গঢ়ৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত দালালৰ দপদপনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.