ETV Bharat / state

মন্ত্ৰী যোগেন মহনৰ খুলশালীয়েকৰ চাহ বাগিচা বাজেয়াপ্ত - ডিপ্লিং চাহ বাগিচা

Deepling Tea Estate: চৰাইদেউৰ ডিপ্লিং চাহ বাগিচা বাজেয়াপ্ত কৰিলে অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই । দীৰ্ঘদিন ধৰি চলি থকা বিত্তীয় খেলিমেলিৰ বাজেয়াপ্ত কৰা হয় চাহ বাগিচাখন । বাগিচাখন লীজত লৈছিল মন্ত্ৰী যোগেন মহনৰ খুলশালীয়েক ডেনিছ কুকুৰাছোৱাই ৷

Deepling Tea Estate
বাজেয়াপ্ত কৰা হ’ল ডিপ্লিং চাহ বাগিচা
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 5:05 PM IST

বাজেয়াপ্ত কৰা হ’ল ডিপ্লিং চাহ বাগিচা

ডিব্ৰুগড়, 19 জানুৱাৰী: সমস্যাই লগ নেৰা হৈছে চাহ বাগিচাৰ শ্ৰমিকসকলক । প্ৰতিটো দিনতেই প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে চাহ বাগিচাৰ শ্ৰমিকসকলে । বাগিচাসমূহৰ উন্নয়ন আৰু অধিক লাভ আদায়ৰ আশাত চৰকাৰে চাহ বাগিচাসমূহ ব্যক্তিগত কোম্পানীৰ হাতত গটাই দিছিল । কিন্তু ব্যক্তিগত কোম্পানীসমূহে অধিক লাভ আদায়ত ব্যস্ত থকাত দিনকদিনে বৃদ্ধি পাইছে চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যা ।

ইয়াৰোপৰি একাংশ বাগিচাৰ মালিকে শ্ৰমিকৰ প্ৰাপ্য ধন আত্মসাৎ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে । ইয়াৰ মাজতে চৰাইদেউ জিলাৰ অসম চাহ নিগমৰ অধীনস্থ ডিপ্লিং চাহ বাগিচা বাজেয়াপ্ত কৰিলে অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই । দীৰ্ঘদিন ধৰি চলি থকা বিত্তীয় খেলিমেলিৰ বাবে চৰাইদেউৰ ডিপ্লিং চাহ বাগিচা বাজেয়াপ্ত কৰা হয় । অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা, শিৱসাগৰ সংমণ্ডল কাৰ্যালয়ৰ সহকাৰী ভবিষ্যনিধি আয়ুক্ত প্ৰভাতী বৰুৱা খাউণ্ডৰ উপস্থিতিত বিভাগৰ বিষয়াসকলে বাজেয়াপ্ত কৰে চৰাইদেউ ডিপ্লিং চাহ বাগিচা ।

জানিব পৰা অনুসৰি অসম চাহ নিগমৰ অধীনস্থ ডিপ্লিং চাহ বাগিচাখন ৩০ বছৰৰ বাবে ডেনিছ কুকুৰাছোৱাই লীজত লৈছিল । কিন্তু বাগিচাখনৰ শ্ৰমিক কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ এক কোটি ৫৪ লাখ টকা বিভাগীয় কৰ্তৃপক্ষক আদায় নিদিয়াত আজি ভৱিষ্যত নিধি কৰ্তৃপক্ষই চাহ বাগিচাখন বাজেয়াপ্ত কৰে । বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীৰ কোনো সমস্যা নোহোৱাকৈ পূৰ্বৰ দৰে চলি থাকিব বুলি ভৱিষ্যত নিধিৰ আয়ুক্ত প্ৰভাতী বৰুৱা খাউণ্ডে জানিবলৈ দিছে ।

বাগিচাখনৰ শ্ৰমিক-কৰ্মচাৰীৰ ভৱিষ্যত যে সুৰক্ষিত নহয় সেই কথা প্ৰায় নিশ্চিত হৈছে । উল্লেখ্য যে অসম চাহ নিগমৰ অধীনস্থ ডিপ্লিং চাহ বাগিচাখন ৩০ বছৰৰ বাবে লীজত লোৱা ডেনিছ কুকুৰাছোৱা হৈছে ৰাজ্যৰ মন্ত্ৰী যোগেন মহনৰ খুলশালী । সেয়ে ডেনিছ কুকুৰাছোৱাই এক প্ৰকাৰে শ্ৰমিক আইন অমান্য কৰি চলাই আছিল চাহ বাগিচাখন । কেইটামান দিনৰ পূৰ্বে দৰমহাৰ পৰা বঞ্চিত ডিপ্লিং চাহ বাগিচাৰ শ্ৰমিকে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ কৰিবলৈ যাওঁতে কাকতিবাৰী আৰক্ষী থানাৰ সন্মুখতে আৱদ্ধ কৰি বহু শ্ৰমিকক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছিল আৰক্ষীৰ বিৰুদ্ধে ।

অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই চাহ বাগিচাখন বাজেয়াপ্ত কৰাৰ পিচত বাগিচা কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: জলসিঞ্চন ব্যৱস্থাৰ পৰা আজিও বঞ্চিত ৰাজ্যৰ চাহ বাগিচাসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.