ETV Bharat / state

চৰাইদেউ জিলাৰ ‘টাইপা’ৰ কাৰ্যকৰী সভাপতিৰ বিজেপিত যোগদান

author img

By

Published : Nov 19, 2020, 12:25 PM IST

বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান চৰাইদেউ জিলাৰ ‘টাইপা’ৰ কাৰ্যকৰী সভাপতি ক্ষিৰোদ লাহনৰ ৷ বৃহস্পতিবাৰে মন্ত্ৰী যোগনে মহনৰ বাসগৃহত বিজেপিত যোগদান কৰে সভাপতি লাহনে ৷

TAYPA leader of Charaideo district joined in BJP
চৰাইদেউ জিলাৰ ‘টাইপা’ৰ কাৰ্যকৰী সভাপতিৰ বিজেপিত যোগদান

মৰাণ,19 নৱেম্বৰ : বৃহস্পতিবাৰে বিজেপি দলত যোগদান কৰে চৰাইদেউ জিলাৰ ‘টাইপা’ৰ কাৰ্যকৰী সভাপতি ক্ষিৰোদ লাহনে ৷

উল্লেখ্য যে,ৰাজ্যত এতিয়া জাতি-জনগোষ্ঠী সংগঠনৰ নেতাৰ ৰাজনৈতিক দলত যোগদান কৰাৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে । বিশেষকৈ বিজেপি দলে ৰাজ্যজুৰি আৰম্ভ কৰিছে যোগদান কাৰ্যসূচী । প্ৰাক্তন আছু কৰ্মীৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বিভিন্ন জাতীয় সংগঠনৰ নেতাক দললৈ আমন্ত্ৰণ জনাই নিজৰ দলীয় ভেঁটি শক্তিশালী কৰিবলৈ বিজেপি নেতা, মন্ত্ৰী-বিধায়কে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে । ইয়াৰ ব্যতিক্ৰম নহয় মন্ত্ৰী যোগনে মহনো ।

সমষ্টিৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ নোহোৱা কৰি নিজৰ জয় নিশ্চিত কৰিবলৈ প্ৰতিদিনে নিজ গৃহতে আৰম্ভ কৰিছে যোগদান কাৰ্যসূচী । শেহতীয়াকৈ টাই আহোম যুৱ পৰিষদ চৰাইদেউ জিলাৰ কাৰ্যকৰী সভাপতি ক্ষিৰোদ লাহনে মন্ত্ৰী যোগেন মহনৰ বাসগৃহত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

আনহাতে কম দিনৰ ভিতৰতে চৰাইদেউ জিলাৰ বহু কেইজন আগশাৰীৰ নেতাই বিজেপিত যোগদান কৰিব বুলি মন্ত্ৰী যোগেন মহনে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ৰূপহী বিজেপিৰ জুৰীয়া মণ্ডলৰ বুথ সভা অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.