ETV Bharat / state

হাতে হাতে প্লে’ কাৰ্ড লৈ কণকণ ছাত্ৰ-ছাত্ৰীয়ে বিচাৰিলে শিক্ষক - ছাত্ৰ ছাত্ৰীয়ে বিচাৰিলে শিক্ষক

হাতে-হাতে প্লে’ কাৰ্ড লৈ প্ৰতিবাদত নামিল কণ-কণ ছাত্ৰ-ছাত্ৰী ৷ শেণীকোঠাৰ বাহিৰত শিক্ষক বিচাৰি জনালে দাবী ৷ অনিৰ্দিষ্ট কাললৈ বিদ্যালয়খনত তলা ওলোমাই ৰখাৰ হুংকাৰ দিলে অভিভাৱক, পৰিচালনা সমতি, মাতৃগোটে (Guardian locked school in Charaideo) ৷

হাতে হাতে প্লে’ কাৰ্ড লৈ কণকণ ছাত্ৰ-ছাত্ৰীয়ে বিচাৰিলে শিক্ষক

author img

By

Published : Jun 13, 2022, 6:24 PM IST

মৰাণ, 13 জুন: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী বিদ্যালয়ৰ ফলাফল পুতৌলগা হোৱাৰ পাছতে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ গুণগত মানদণ্ডক লৈ বহুজনে প্ৰশ্ন উত্থাপন কৰিছে । ইয়াৰ পাছতে তেজপুৰত অনুষ্ঠিত কেবিনেটত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল (Himanta Biswa Sarma on HSLC result)।

বেয়া ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতে চৰাইদেউ জিলাৰ এখন প্ৰাথমিক বিদ্যালয়ত দেখিবলৈ পোৱা গ'ল অন্য এক দৃশ্য । চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সকলোধৰণৰ সুবিধা প্ৰদান কৰাৰ কথা কৈ অহাৰ সময়তে পৰ্যাপ্ত শিক্ষকৰ অভাৱৰ বাবেই সোমবাৰে বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট তথা অভিভাৱকে তলাবন্ধ কৰিলে চৰাইদেউ জিলাৰ সোণাৰিৰ এখন বিদ্যালয়ৰ (Guardian locked school in Charaideo) । লগতে কণকণ ছাত্ৰ-ছাত্ৰীৰ হাতত দেখা গ’ল শিক্ষক বিচাৰি জনোৱা দাবী সম্বলিত প্লে’কাৰ্ড (Student demands teacher in Charaideo)৷

হাতে হাতে প্লে’ কাৰ্ড লৈ কণকণ ছাত্ৰ-ছাত্ৰীয়ে বিচাৰিলে শিক্ষক

সোণাৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ভজো (A)সমল কেন্দ্ৰৰ টিয়ক পদুমণি প্ৰাথমিক বিদ্যালয়ত তিনি বছৰ ধৰি শিক্ষকৰ অভাৱ হৈ থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত এই কাৰ্যসূচী গ্ৰহণ কৰে ৷ বিদ্যালয় পৰিচালনা সমিতি তথা অভিভাৱকসকলে জানিবলৈ দিয়া অনুসৰি ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে টিয়ক পদুমণি প্ৰাথমিক বিদ্যালয়ত বৰ্তমান শিক্ষকৰ সংখ্যা মাত্ৰ তিনিজন (Teachers deficiency in Charaideo)।

আনহাতে অহা ডিচেম্বৰ মাহত এই বিদ্যালয়খনৰ আন এগৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিব । যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নথকাত পাঠদানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট তথা অভিভাৱকে আজি তলাবন্ধ কাৰ্যসূচীৰ জৰিয়তে অতিশীঘ্ৰে বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ দাবী উত্থাপন কৰিছে ।

চৰকাৰী বিদ্যালয়ৰ আমূল পৰিৱৰ্তন হোৱা বুলি কৈ থকা ৰাজ্য চৰকাৰে এনেবোৰ বিদ্যালয়ৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব ।

লগত পঢ়ক: তেজপুৰত উপায়ুক্তৰ সন্মিলন: উন্নয়ন-সমস্যা আদিৰ খতিয়ান ল’লে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.