ETV Bharat / state

উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষভাৱে সক্ষম সনাতনৰ সফলতা - HS Exam Result 2022

সোণাৰিৰ বিশেষভাৱে সক্ষম সনাতন গগৈয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষা দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় (Specially abled Sanatan Gogoi secured 2nd division)। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ সনাতনৰ আছে এখন দোকান । ব্যৱসায়ৰ লগতে সংগীত ক্ষেত্ৰৰ লগতো জড়িত সনাতন ।

moran
উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষভাৱে সক্ষম সনাতনৰ সফলতা
author img

By

Published : Jun 30, 2022, 1:42 PM IST

Updated : Jun 30, 2022, 7:02 PM IST

মৰাণ,৩০ জুন : শাৰীৰিক বাধা বা দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে সেই কথা প্ৰমাণ কৰিলে চৰাইদেউ জিলাৰ দৃষ্টিহীন যুৱক সনাতন গগৈয়ে । বিশেষভাৱে সক্ষম সনাতনে পৰিয়ালৰ আৰ্থিক সমস্যাৰ মাজেৰে অতি কষ্টৰে পঢ়া শুনা কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (HS Exam Result 2022) কলা শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । বহুতৰ বাবে দ্বিতীয় বিভাগ কোনো ডাঙৰ কথা নহয় যদিও সনাতনে যি পৰিৱেশ আৰু পৰিস্থিতিৰ মাজেৰে পঢ়া-শুনা কৰিছে তেওঁৰ বাবে এই ফলাফল অতি সন্তোষজনক (Specially abled Sanatan Gogoi secured 2nd division)।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষভাৱে সক্ষম সনাতনৰ সফলতা

চৰাইদেউ জিলাৰ সোণাৰি মৌজাৰ সৰুপথাৰ গাঁৱৰ সনাতনে গুৱাহাটীৰ বশিষ্ঠস্থিত দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ দৃষ্টিহীন ছাত্ৰ সনাতন গগৈয়ে বহু কষ্টৰে ডাঙৰ-দীঘল হৈ পঢ়া-শুনা কৰাৰ লগতে দুবেলা দুমুঠি অন্নৰ বাবে আনকি ব্যৱসায়ো কৰিব লগা হৈছে । সনাতন গগৈৰ সাপেখাতী চাৰিআলিত এখন দোকান আছে ।

ঘৰতে মূগা, পাতৰ মেখেলা চাদৰ বিক্ৰী কৰি নিজৰ লগতে ঘৰখন কোনোমতে চলাই আছে সনাতনে । মিনেশ্বৰ গগৈ আৰু কনকলতা গগৈৰ সুযোগ্য সন্তান সনাতন গগৈয়ে গীত গোৱাৰ লগতে বাঁহী, টোকাৰী, গীটাৰ, কী-বৰ্ড, হাৰমনিয়াম সুন্দৰকৈ বজাবলৈ সক্ষম । লগতে অন্যান্য ছাত্ৰ-ছাত্ৰী সকলকো সংগীত আৰু বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে সনাতনে ।

চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত পৰিয়ালৰ সন্তান সনাতন গগৈয়ে দৃষ্টিহীন হৈও নিজৰ শিক্ষাগ্ৰহণৰ লগতে এক উন্নত চিন্তা-চৰ্চাৰে ব্যৱসায়ৰ যোগেদি স্বাৱলম্বী হোৱাৰ যি চেষ্টা চলাইছে সেয়া বহুতৰ বাবে প্ৰেৰণাৰ উৎসস্বৰূপ ।

লগতে পঢ়ক :ভৱিষ্যতে মাচ্ কমিউনিকেশ্যন অধ্যয়ন কৰাৰ ইচ্ছা কৃৰ্তী ছাত্ৰ নিলয় কুৰ্মীৰ

Last Updated : Jun 30, 2022, 7:02 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.