ETV Bharat / state

এক মিনিটত 1200 গছপুলি ৰোপণেৰে অভিলেখ - এক মিনিটত 1200 গছপুলি ৰোপণেৰে অভিলেখ স্থাপন

এক মিনিটত 1200 গছপুলি ৰোপণেৰে অভিলেখ গঢ়িলে ৰাইজে (Record setting with 1200 saplings planted in a minute) ৷ ৰাজ্যখনক সেউজীয়া কৰি ৰখাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে বিভিন্ন পৰিৱেশ সজাগতা সন্দৰ্ভত আঁচনি হাতত লৈছে ৷ ইয়াৰ ভিতৰত এম জি এনৰেগা আঁ‌চনিৰ অধীনত ৰাজ্য চৰকাৰে কৃষি বিভাগটোৰ উন্নয়ণৰ হকে চোম, চন্দন আৰু অগৰু গছপুলি ৰোপনৰ কাৰ্যসূচী হতত লৈছে ৷

Record setting with 1200 saplings planted in a minute
এক মিনিটত 1200 গছপুলি ৰোপণেৰে অভিলেখ স্থাপন
author img

By

Published : Jul 12, 2022, 6:54 PM IST

মৰাণ, 12 জুলাই : গছ থাকিলেহে মানুহ থাকিব ৷ ৰাজ্যখনক সেউজীয়া কৰি ৰখাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে বিভিন্ন পৰিৱেশ সজাগতা সন্দৰ্ভত আঁচনি হাতত লৈছে ৷ ইয়াৰ ভিতৰত এম জি এন ৰেগা আঁ‌চনিৰ অধীনত ৰাজ্য চৰকাৰে কৃষি বিভাগটোৰ উন্নয়ণৰ হকে চোম, চন্দন আৰু অগৰু গছপুলি ৰোপনৰ কাৰ্যসূচী হাতত লৈছে ৷ প্ৰতিখন জিলাৰ প্ৰতিটো পঞ্চায়তত এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ নিৰ্দেশনা দিছে চৰকাৰে (MGNREGA Scheme) ৷

এক মিনিটত 1200 গছপুলি ৰোপণেৰে অভিলেখ স্থাপন

এই আঁচনিৰ অধীনতে চৰাইদেউ জিলাৰ মিলন গাঁ‌ও পঞ্চায়তৰ অন্তৰ্গত পূব হিমপৰা চুকাফা সমন্বয় ক্ষেত্ৰত মঙলবাৰে এক মিনিটত 1200 গছপুলি ৰোপণেৰে অভিলেখ গঢ়াৰ চেষ্টা কৰিছে ৰাইজে (Record setting with 1200 saplings planted in a minute) ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে স্থানীয় ৰাইজৰ সহযোগত 7 বিঘা মাটিত 1200 টা চোমপুলি ৰোপন কৰে ৷

মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় - "এয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ আঁচনি ৷ এই আঁচনিসমূহ প্ৰতিটো পঞ্চায়ততে ৰূপায়ণ কৰিব লাগে ৷ এই গছপুলিসমূহে আমাক উপকৃত কৰাৰ লগতে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিব ৷ এই আঁচনিৰ জৰিয়তে মুগাপালকসকলে আৰ্থিভাৱে স্বচ্ছল হ'ব পাৰিব ৷ এইবোৰ আঁচনিয়ে পঞ্চায়তটোক লাভান্বিত কৰিব ৷ স্থানীয় নিৱনুৱাসকলে সংস্থাপন লাভ কৰিব ৷ ইয়াৰ জৰিয়তে মুগাৰে উৎপাদিত সামগ্ৰীসমূহ বিশ্ব দৰবাৰলৈ লৈ যাব পৰা হ'ব ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত পাটৰ-মুগাৰ মূল্য বহুত ৷ পূৰ্বতে চৰকাৰে কোনো লোকে ঘৰত চন্দন, অগৰু গছপুলি ৰোপন কৰি বিক্ৰী কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু শেহতীয়াকৈ চৰকাৰে এই নিৰ্দেশনা উঠাই দি লোকসকলে ব্যক্তিগতভাৱে ঘৰতে গছপুলি ৰোপন কৰি বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷ এই আঁচনিখনৰ মূল লক্ষ্যই হৈছে নিৱনুৱা সকলক সংস্থাপন কৰা ৷"

এম জি এনৰেগা আঁ‌চনিৰ অধীনত 6 লাখ 61 হাজাৰ টকা ব্যয় কৰি ৰোপন কৰা হয় এই চোম পুলিসমূহ । এই অনুষ্ঠানত চৰাদেউ জিলা উপায়ুক্ত পল বৰুৱা, মাহমৰাৰ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াকে আদি কৰি কেইবাজনো নেতা-বিষয়াই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: বিশ্ব পৰিৱেশ দিৱসত গছ পুলি ৰোপণ কাৰ্যসূচী নাটক নে ভেকোভাওনা !

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.