মৰাণ,25 মাৰ্চ: চৰাইদেউৰ সাপেখাতীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইসহ কেইবা শতাধিক নেতা-কৰ্মীক বৃহস্পতিবাৰে সাপেখাতী আৰক্ষীয়ে আটক কৰে ৷
উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মুহুৰ্ততেই সাপেখাতীৰ চতিয়নাগুৰিৰ পৰা আৰক্ষীয়ে আটক কৰে দলটোক ৷ সম্প্ৰতি সাপেখাতী আৰক্ষী থানাত আৱদ্ধ কৰি ৰখা হৈছে প্ৰতিবাদকাৰীসকলক ৷