ETV Bharat / state

আপোনাৰ বাৰ্ষিক আয় এক লাখৰ ওপৰত নেকি ? তেন্তে পঢ়ক এই খবৰ

বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰত থকা বেচৰকাৰী চাকৰিয়াল, আৰ্থিকভাৱে স্বচ্ছল ব্যৱসায়ী, কৃষক, ঠিকাদাৰে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড ৷ ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলৰ ভিতৰত যিসকল হিতাধিকাৰীৰ পৰিয়ালত চৰকাৰী চাকৰি, পেঞ্চনভোগী লোক আছে তেওঁলোকেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড । চৰাইদেউ জিলা উপায়ুক্তই শনিবাৰে জাৰি কৰিছে জাননী ৷

author img

By

Published : Jun 13, 2021, 11:12 AM IST

Updated : Jun 13, 2021, 11:34 AM IST

people-who-earning-annual-income-above-rs-1-lakh-will-have-to-return-their-ration-cards
আপোনাৰ বাৰ্ষিক আয় এক লাখৰ ওপৰত নেকি? তেন্তে পঢ়ক এই খবৰ

মৰাণ, 13 জুন : চৰাইদেউ জিলা উপায়ুক্তই শনিবাৰে জাৰি কৰা জাননী অনুসৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি-২০১৩ ৰ অধীনত ৰেচন কাৰ্ড থকা হিতাধিকাৰীসকলৰ ভিতৰত যিসকল হিতাধিকাৰীৰ পৰিয়ালত চৰকাৰী চাকৰি, পেঞ্চনভোগী লোক আছে তেওঁ লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড ।

বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰত থকা বেচৰকাৰী চাকৰিয়াল, আৰ্থিকভাৱে স্বচ্ছল ব্যৱসায়ী, কৃষক, ঠিকাদাৰ আদিয়েও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড । এইসকল হিতাধিকাৰীয়ে সংশ্লিষ্ট এলেকাৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া অথবা সহকাৰী সঞ্চালক, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সোণাৰিস্থিত কাৰ্যালয়ত আবেদনসহ ৩০ জুনৰ ভিতৰত ঘূৰাই দিব লাগিব ৰেচন কাৰ্ডসমূহ ।

উল্লেখ্য যে, বিভাগীয় অনুসন্ধানৰ সময়ত তেনে অযোগ্য পৰিয়ালে ৰেচন কাৰ্ডৰ সুবিধা গ্ৰহণ কৰি থকা প্ৰমাণিত হ'লে প্ৰচলিত আইনৰ অধীনত তেনে পৰিয়ালৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জাননীখনত স্পষ্টকৈ উল্লেখ কৰিছে চৰাইদেউ জিলা উপায়ুক্তই ।

লগতে পঢ়ক: তিতাবৰৰ আকাশত শীঘ্ৰে উৰিব চি প্লেন

Last Updated : Jun 13, 2021, 11:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.