ETV Bharat / state

Missing Man Returns Home after 50 years: অজ্ঞাতবাসৰ অন্তত ঘৰলৈ ঘূৰিল ইন্দ্ৰ বাহাদুৰ - Returned after 50 years

সুদীৰ্ঘ ৫০ টা বৰ্ষৰ পাছত সোণাৰিৰ এটা পৰিয়াললৈ আনন্দৰ বতৰা । ৫০ বছৰ আগতে এৰি যোৱা আপোন ঘৰখনত উপস্থিত হ'ল ইন্দ্ৰ বাহাদুৰ । ২২ বছৰ বয়সতে হেৰাই যোৱা ভাতৃক কাষতে পায় আনন্দত সেমেকি উঠিল পৰিয়ালটিৰ প্ৰতিজন সদস্যৰ দুচকু ।

Indra Bahadur Newar returns home after 50 years
অজ্ঞাতবাসৰ অন্তত ঘৰলৈ ঘূৰিল ইন্দ্ৰ বাহাদুৰ
author img

By

Published : Aug 4, 2023, 5:50 PM IST

অজ্ঞাতবাসৰ অন্তত ঘৰলৈ ঘূৰিল ইন্দ্ৰ বাহাদুৰ

ডিব্ৰুগড় ,৪ আগষ্ট: কেতিয়াবা ভাল খবৰবোৰ কোনো আগজাননী নিদিয়াকৈয়ে আহে । যেতিয়া তেনে হয়, তেতিয়াই আনন্দৰ বন্যা বয় । সেমেকি উঠে দুচকু, বৈ আহে আনন্দাশ্ৰু । যেতিয়া সকলো আশা হেৰায় যায় আৰু তাৰপাছত হেৰায় যোৱা আশাই দুৱাৰত খুন্দিয়াই তেতিয়া উঠে উলাহৰ ঢল ৷

শুকুৰবাৰে সোণাৰিৰ এটা পৰিয়ালত আগজাননী নিদিয়াকৈয়ে আহিলে এটা ভাল খবৰ । সুদীৰ্ঘ ৫০ বছৰৰ পাছত সোণাৰিৰ এটা পৰিয়ালত বৈছে আনন্দৰ বন্যা । সুদুৰ অন্ধ্ৰ প্ৰদেশৰ পৰা সোণাৰিৰ আইদেউবাৰী পালেহি ইন্দ্ৰ বাহাদুৰ নেৱাৰ । পিছে ইন্দ্ৰ বাহাদুৰ নেৱাৰ উপস্থিত হোৱাক লৈ কিয় আনন্দত আত্মহাৰা হৈ পৰিছে পৰিয়ালটো ?

আনন্দিত হোৱাৰে কথা । কিয়নো, ১৯৭৬ চনতে ঘৰৰ পৰা ওলাই যোৱা আত্মীয়ক পাই আৱেগিক হৈ পৰিল সোণাৰিৰ আইদেউবাৰীৰ পৰিয়ালটি । জানিব পৰামতে ১৯৭৬ চনৰ কোনোবা এটা দিনত ঘৰৰ পৰা হঠাৎ নিৰুদ্দেশ হৈছিল ২২ বছৰীয়া এজন চফল ডেকা ।

দিন বাগৰিল সুদীৰ্ঘ ৫০ টা বছৰে ঘৰৰ লগত যোগাযোগ নহ'ল ১৯৭৬ চনত ২২ বছৰ বয়সত ওলাই যোৱা ইন্দ্ৰ বাহাদুৰ নেৱাৰৰ । কিন্তু সুদীৰ্ঘ ৫০ টা বছৰত পাছত ৭২ বছৰ বয়সত শুকুৰবাৰে ৫০ বছৰ আগতে এৰি যোৱা আপোন ঘৰখন বিচাৰি উপস্থিত হ'ল ইন্দ্ৰ বাহাদুৰ । ৫০ বছৰে যোগাযোগ বিছিন্ন হোৱা আত্মীয়ক ঘূৰাই পাই আৱেগিক হৈ পৰিল চৰাইদেউ আইদেউবাৰীৰ পৰিয়ালটো ।

উল্লেখযোগ্য যে, চৰাইদেউ আইদেউবাৰীৰ ঘৰৰ পৰা ওলাই যোৱা ইন্দ্ৰ বাহাদুৰে বিগতে প্ৰায় ৫০ টা বছৰে অন্ধ্ৰ প্ৰদেশত নিজকে সংস্থাপিত কৰি বৈবাহিক সম্বন্ধততো আৱদ্ধ হৈছিল । পাছত ইন্দ্ৰই পুত্ৰ শংকৰৰ সহায়ত চৰাইদেউ জিলাৰ সোণাৰিৰ আইদেউবাৰীত বসবাস কৰা কণিষ্ঠ ভাতৃ কুল বাহাদুৰৰ ঠিকনা লাভ কৰি শুকুৰবাৰে পুত্ৰৰ সৈতে উপস্থিত হয়হি ভাতৃৰ বাসগৃহত । এক দীৰ্ঘ পৰিক্ৰমাৰ অন্তত ৫০ বছৰ পাছত মিলন হ'ল দুই ভাতৃৰ । আনন্দত সেমেকি উঠিল ভাতৃৰ দুচকু ।

লগতে পঢ়ক: Robotic Surgery: ৰবটিক অস্ত্ৰোপচাৰ সন্দৰ্ভত জ্যেষ্ঠ শল্য চিকিৎসক ডাঃ সুভাষ খান্নাৰ সৈতে বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.