ETV Bharat / state

চৰাইদেউৰ ঐতিহাসিক লাংকুৰী দৌলৰ পাহাৰৰ মাটি খনন দুস্কৃতিকাৰীৰ - Allegations against archaeological department

কিমান সুৰক্ষিত ৰাজ্যৰ ঐতিহাসিক সমলসমূহ ? বিগত সময়ত ৰাজ্যৰ ঐতিহাসিক সমলসমূহত একাংশ দুষ্কৃতিকাৰীয়ে ধ্বংসলীলা চলোৱাৰ লগতে বেদখল কৰাৰ ঘটনা সংঘটিত হৈ আহিছে ৷ ইয়াৰ মাজতে চৰাইদেউ ঐতিহাসিক লাংকুৰী দৌলৰ পাহাৰত দুস্কৃতিকাৰীয়ে মাটি খনন কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে (Miscreants excavate land of historic area in Charaideo) ৷

ঐতিহাসিক লাংকুৰী দৌলৰ পাহাৰৰ মাটি খনন দুস্কৃতিকাৰীৰ

author img

By

Published : Jul 7, 2022, 7:24 PM IST

মৰাণ, 7 জুলাই: ঐতিহাসিক দৌলত শেন চকু দুস্কৃতিকাৰীৰ ৷ যিসময়ত চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে সেই সময়তে চৰাইদেউ ঐতিহাসিক লাংকুৰী দৌলৰ পাহাৰত দুস্কৃতিকাৰীয়ে মাটি খনন কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহে (Miscreants excavate land of historic area in Charaideo) ৷ আনকি দৌলৰ দক্ষিণ পূব দিশৰ দেৱাল ভাঙি দুষ্কৃতিকাৰীয়ে সেই বাটেৰে অহা যোৱাৰ কৰাৰ সুবিধা কৰি লৈছে ৷

জানিব পৰা অনুসৰি দুষ্কৃতিকাৰীয়ে পাহাৰৰ মাটি কাটি নিয়াৰ ফলত লাংকুৰী দৌলৰ উত্তৰ পশ্চিম আৰু দক্ষিণ দিশৰ বহু ঠাইত দ' গাঁতৰ সৃষ্টি হোৱাত দৌলটোৰ লগতে সমগ্ৰ অঞ্চলটোলৈ নামি আহিছে ভাবুকি (Threat to Dual and entire area)৷ বৃহস্পতিবাৰে দৌলটোৰ চাৰিওদিশ পৰিদৰ্শন কৰি এই সন্দৰ্ভত চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আহোম জাতীয় গণ মঞ্চই (Ahom Jatiyo Gana Mancha) । সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মহেন্দ্ৰ দিহিঙীয়াই কয় যে এই সমগ্ৰ অঞ্চলটো পুৰাতত্ব বিভাগৰ অন্তৰ্গত সংৰক্ষিত এলেকা হোৱাৰ পিছতো দুষ্কৃতিকাৰীয়ে গছ-গছনি কাটি নিয়া কাৰ্য অতিকৈ আশ্চৰ্যজনক ৷ এই বিষয়ে পুৰাতত্ব বিভাগক সংগঠনটোৱে অৱগত কৰাইছিল যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে দিহিঙীয়াই (Allegations against archaeological department) ৷

ঐতিহাসিক লাংকুৰী দৌলৰ পাহাৰৰ মাটি খনন দুস্কৃতিকাৰীৰ

অনতি পলমে দুষ্কৃতিকাৰীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷ মথুৰাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে বিষয়টোক লৈ অধিক গুৰুত্ব প্ৰদানৰ আশ্বাস প্ৰদান কৰে বুলি জানিবলৈ দিয়ে সংগঠনটোৰ বিষয়ববীয়াসকলে ৷

ৰাজ্য চৰকাৰে ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ কথা কৈ থকা সময়ত এইদৰে ঐতিহাসিক ক্ষেত্ৰত দুষ্কৃতিকাৰীয়ে ধ্বংস কৰিবলৈ চেষ্টা কৰা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগতে পুৰাতত্ব বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক : Illegal sand mining : বিলাসীপাৰাত অবৈধ বালি খননৰ বিৰুদ্ধে অভিযান বন বিভাগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.