মৰাণ, ৩০ জুলাই: চৰাইদেউ জিলাৰ সকলো বিভাগৰ কাম-কাজৰ খতিয়ান লৈ উন্নয়নমূলক আঁচনিসমূহ ৰূপয়াণত গুৰুত্ব আৰোপ কৰিছে মাহমৰাৰ বিধায়ক তথা ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে (Jogen Mohan)। চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত বৃহস্পতিবাৰে জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয় । ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনো উপস্থিত থাকে এই সভা খনত । বিভাগটোৱে বিগত দিনত সম্পন্ন কৰা কামৰ খতিয়ান দাঙি ধৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলে ।
সভাত বিভাগটোৰ বিভিন্ন সমস্যা তথা বিভাগটোৱে ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনি সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় । লগতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ যোজনা, জল জীৱন মিছন আদিৰ বিষয়ে আলোচনা কৰা হয় । উক্ত বৈঠকত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা উপায়ুক্ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।
বৰ্তমান চলি থকা আঁচনিসমূহৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে । লগতে প্ৰকৃত হিতাধিকাৰীয়ে আঁচনিবোৰৰ সুবিধা লাভ কৰিছে নে সেয়া নিশ্চিত কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় ।
লগতে পঢ়ক:অসম-মিজোৰাম সীমান্তৰ ৰাইজক শংকিত নহ’বলৈ আহ্বান অশোক সিংঘালৰ