ETV Bharat / state

সোণাৰিৰ নিচামুক্তি কেন্দ্ৰত এজন লোকৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Oct 9, 2022, 11:17 AM IST

পুনৰ সোণাৰিৰ নিচামুক্তি কেন্দ্ৰত এজন লোকৰ মৃত্যু হয় (Man died mysteriously at drug rehabilitation) ৷ লোকজনৰ সমগ্ৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছিল ৷ ৰছীৰে বন্ধাৰ লগতে তেওঁৰ মূৰৰ আৰু মুখৰ পৰা তেজ ওলাই থকাও পৰিলক্ষিত কৰিছিল (Man died drug rehabilitation centre at Sonari) ৷

Man died mysteriously at drug rehabilitation centre at Sonari
সোণাৰিৰ নিচামুক্তি কেন্দ্ৰত এজন লোকৰ ৰহস্যজনক মৃত্যু, হত্যাৰ সন্দেহ পৰিয়ালৰ

সোণাৰি, 9 অক্টোবৰ: ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে হৈছে কি (Rehabilitation centre in Assam)? বিগত কিছু দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিচামুক্তি কেন্দ্ৰসমূহত ইজনৰ পিছত সিজনৰ ৰহস্যজনক মৃত্যুৰ খবৰে বাতৰিৰ শিৰোনামা দখল কৰিছে ৷ এইবাৰ শনিবাৰে নিশা পুনৰ সোণাৰিৰ নিচামুক্তি কেন্দ্ৰত এজন লোকৰ মৃত্যু হয় (Man died mysteriously at drug rehabilitation )৷

আজিৰ পৰা পাঁচ মাহৰ পূৰ্বে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ পোনাৰাম বাইলুং ওৰফে অনিল বাইলুং নামৰ লোকজনক সোণাৰিৰ বৰাহীস্থিত ৰিজেনেৰেশ্যন ৱেলনেছ ফেডাৰেশ্যন নামৰ কেন্দ্ৰটোত ভৰ্তি কৰোৱা হৈছিল ৷ ইয়াৰ পিছৰে পৰা তেওঁৰ চিকিৎসা চলি আছিল ৷ ঘৰৰ লোকেও তেওঁলৈ সময়মতে ঔষধ-পাতি যোগান ধৰি আহিছিল ৷

সোণাৰিৰ নিচামুক্তি কেন্দ্ৰত এজন লোকৰ ৰহস্যজনক মৃত্যু

কিন্তু হঠাৎ এনেদৰে নিচামুক্তি কেন্দ্ৰটোত লোকজনৰ মৃত্যু হোৱাত হতবাক হৈ পৰে পৰিয়ালৰ লোক (Man body rescued at drug rehabilitation centre) ৷ লোকজনৰ সমগ্ৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছিল ৷ ৰছীৰে বন্ধাৰ লগতে তেওঁৰ মূৰৰ আৰু মুখৰ পৰা তেজ ওলাই থকাও পৰিলক্ষিত হয় (Man died drug rehabilitation centre at Sonari) ৷

পৰিয়াৰ লোকে জানিবলৈ দিয়া অনুসৰি আজি এসপ্তাহৰ পূৰ্বে লোকজনৰ ঘৰৰ লোকে তেওঁক ঔষধ দিবলৈ গৈ সুস্থ হৈ থকাৰ এক ভিডিঅ’ কৰি আনিছিল ৷ সেই ভিডিঅ’ত তেওঁৰ শৰীৰত কোনো আঘাতৰ চিন নাছিল ৷

এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে ৷ ইয়াৰোপৰি লোকজনৰ দেহত আঘাতৰ চিন থকা পৰিলক্ষিত কৰি ভুল চিকিৎসা আৰু অত্যাচাৰ চলাই অনিল বাইলুংক নিচামুক্তি কেন্দ্ৰত হত্যা কৰাৰ অভিযোগ কৰে পৰিয়ালৰ লোকে (Allegation against rehabilitation centre at Sonari)৷

উল্লেখ্য যে, শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ দুটা নিচামুক্তি কেন্দ্ৰত দুগৰাকী লোকৰ মৃত্যু হৈছিল (Mysterious death at rehabilitation center) ৷ ৷ এগৰাকী 50 ৰ উৰ্ধ্বৰ মহিলাই আত্মহত্যা কৰা ঘটনা সংঘটিত হোৱাৰ বিপৰীতে নিচামুক্তি কেন্দ্ৰৰ বাহিৰত এগৰাকী যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷

লগতে পঢ়ক: মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত অঘটন: যুৱকৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.