মৰাণ, ১৪ মে': অসুস্থ জিউলৈ অসমবাসীয়ে আগবঢ়োৱা সাহাৰ্যৰ ধন আত্মসাৎ কৰি আটক হ'ল সাপেখাতীৰ এজন যুৱক । বেংগালুৰুত চিকিৎসাধীন হৈ থকা মঙলদৈৰ মৃদুল কলিতাৰ কন্যা জিউৰ চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি অসমবাসীৰ ওচৰত আৰ্থিক সাহাৰ্যৰ বাবে আহ্বান জনাইছিল ।
এই পোষ্টটো শ্বেয়াৰ কৰাৰ পাচতে সহায়ৰ বাবে আগবাঢ়ি আহিছিল বহু লোক । বহু সু-হৃদয়বান লোকে আগবঢ়াইছিল আৰ্থিক সাহাৰ্য । কিন্তু এই পোষ্টৰ ওপৰত ভিত্তি কৰি সাপেখাতীৰ বাঘমৰিয়াল গাঁৱৰ শিশিৰ কুমাৰ গগৈ নামৰ এজন যুৱকে নিজৰ ‘গুগল পে’ একাউন্টৰ জৰিয়তে জিউৰ বাবে সংগ্ৰহ কৰিছিল বহু লক্ষাধিক টকা । সংগ্ৰহিত ধনৰ কিছু অংশ জিউৰ দেউতাকৰ একাউন্টলৈ পঠিয়ায় । কিন্তু পৰৱৰ্তী সময়ত সংগ্ৰহ হোৱা লক্ষাধিক টকা শিশিৰ কুমাৰ গগৈ নামৰ যুৱকজনে আত্মসাৎ কৰাৰ অভিযোগ তুলি জিউৰ পৰিয়ালৰ লোকে মঙলদৈ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।
মঙলদৈ আৰক্ষী থানত ৰুজু কৰা এজাহাৰৰ ভিত্তিত সাপেখাতী আৰক্ষী থানাৰ দীনেশ দলেৰ নেতৃত্বত যোৱা আৰক্ষী দলে বৃহস্পতিবাৰে শিশিৰ কুমাৰ গগৈক আটক কৰে । সম্প্ৰতি মঙলদৈৰ আৰক্ষীৰ এটা দল সাপেখাতীলৈ ৰাওনা হৈছে ৷
লগতে পঢ়ক:আলফাৰ নামত ধন দাবী কৰি তেজপুৰত আৰক্ষীৰ জালত ২ যুৱক