মৰাণ, ৩১ ডিচেম্বৰ : বছৰৰ শেষৰ দিনটোত একাংশই বনভোজ খাই আনন্দ উল্লাস কৰা সময়ত চৰাইদেউত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য় । এই দিনটোত চৰাইদেউৰ ঐতিহাসিক গৰৈমাৰি বিলত পল মাৰিবলৈ ওলাই আহিল ৰাইজ । অতীজৰ অসমীয়া সমাজ জীৱনত আছিল সমূহীয়া মাছ ধৰা পৰম্পৰা । বিহু ,নৱৰ্বষ আহিলে ৰাজহুৱা বিল, এৰাসুঁতি নদীত মাছ ধৰাটো পৰম্পৰা আছিল যদিও কালক্ৰমত হেৰাই গৈছে । ইয়াৰ মাজতে ঐতিহাসিক গৰৈমাৰি বিলত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল পল মৰা প্ৰতিযোগিতা ।
একেলগে হাতে হাতে পল লৈ বিলত নামিছে শতাধিক লোক । ডেকা, বৃদ্ধ সকলোৱে পল মাৰিছে । কাৰোবাৰ পলত সোমাইছে বৰালী,আকৌ আন কাৰোবাৰ পলত সোমাইছে মিৰিকা,ৰৌ, বাহু আদি । এয়া এক প্ৰতিযোগিতা যদিও বছৰৰ শেষৰ দিনটোত সমূহীয়াকৈ পল মৰাৰ আনন্দ ল'লে এইসকল লোকে ।
চৰাইদেউ জিলাৰ মাহমৰাৰ ঐতিহাসিক গৰৈমাৰি বিলত অসমত কোনোদিনে নপতা এই পল মৰা প্ৰতিযোগিতা অনুষ্ঠিত হ'ল । ইফালে,মাহমৰা গৰৈমাৰি বিলত বছৰৰ অন্তিম দিনটোত পল মৰা প্ৰতিযোগিতা চাবলৈ হাজাৰ হাজাৰ লোক সমবেত হয় গৰৈমাৰি বিলৰ পাৰত । এই প্ৰতিযোগিতাৰ অন্তত নাজিৰাৰ প্ৰশান্ত সন্দিকৈয়ে এক কিলোগ্ৰাম চাৰিশ গ্ৰামৰ গ্ৰাছ কাৰ্প ধৰি প্ৰথম পুৰস্কাৰ লাভ কৰে । চৰাইদেউ বৰাহীৰ শৰৎ গগৈয়ে এক কিলোগ্ৰাম তিনিশ গ্ৰামৰ বৰালী ধৰি দ্বিতীয় আৰু চৰাইদেউ টকৌবিলৰ পল্লৱজ্যোতি শইকীয়াই ৯৯০ গ্ৰামৰ ৰৌ মাছ ধৰি তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । মুঠৰ ওপৰত প্ৰতিযোগিতাৰ মাজতে সমূহীয়াকৈ মাছ ধৰাৰ আনন্দ ল'লে চৰাইদেউৰ ৰাইজে ।
লগতে পঢ়ক:মাঘনোৱা দৌলত আহোমসকলৰ পৰম্পৰাগত পয়খেক বান-ফী সমাৰোহ