ETV Bharat / state

ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি : লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰ মডেল স্কুল বন্ধৰ ঘোষণা

author img

By

Published : Oct 23, 2021, 2:03 PM IST

Updated : Oct 23, 2021, 4:24 PM IST

কৰ'ণাৰ হটস্পটত পৰিণত চৰাইদেউৰ লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰ মডেল স্কুল । মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৭ দিনৰ বাবে বিদ্যালয় বন্ধ ঘোষণা । বিদ্যালয়খনৰ তিনিগৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

Due to increases of covid cases A school in Charaideo declared closed for 7 days
ক'ভিডৰ হটস্পটত পৰিণত লাকুৱাৰ তাপ বিদ্যুৎ কেন্দ্ৰৰ বিদ্যালয়

মৰাণ, ২৩ অক্টোবৰ: চৰাইদেউৰ বিদ্যালয়ত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণ । এই সংক্ৰমণ ৰোধৰ উপায় হিচাপে বিভাগৰ নিৰ্দেশমৰ্মে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই । শিক্ষা বিভাগে ১৯ অক্টোবৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানসমূহ খুলিবলৈ নিৰ্দেশ দিয়াৰ পাচতে চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰৰ আৱাসিক এলেকাত থকা লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰ মডেল স্কুলতো আৰম্ভ কৰা হৈছিল পাঠদান । কিন্তু এতিয়া বিদ্যালয়খন ক'ভিডৰ হটস্পটলৈ পৰিণত হৈছে ।

উল্লেখ্য যে, ১৯ অক্টোবৰৰ দিনা বিদ্যালয়খনৰ শ্ৰেণীকোঠাত উপস্থিত থকা এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ দেহত ২০ অক্টোবৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰ পিছত ২২ অক্টোবৰত বিদ্যালয়খনত স্বাস্থ্য বিভাগে ছাত্র-ছাত্ৰীসকলৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰোৱায় ৷ এই পৰীক্ষাতে আন দুগৰাকী শিক্ষাৰ্থী কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ।

ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি : লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ মডেল স্কুল বন্ধৰ ঘোষণা

মহামাৰীত আক্ৰান্ত এগৰাকী ছাত্ৰী প্ৰথম শ্ৰেণীৰ হোৱাৰ লগতে আনগৰাকী হৈছে অষ্টম শ্ৰেণীৰ ছাত্ৰ । প্ৰথম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাচতে ছাত্ৰীগৰাকীৰ মাতৃৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰোৱা হয় আৰু মাতৃগৰাকীও আক্ৰান্ত হোৱাৰ কথা স্পষ্ট হৈ পৰে ৷

বিদ্যালয় কৰ্তৃপক্ষই সম্প্ৰতি বিদ্যালয়খন চেনিটাইজ কৰাৰ লগতে শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি পৰৱৰ্তী সাত দিনলৈ শিক্ষানুষ্ঠানখন বন্ধ ঘোষণা কৰিছে । এই ঘটনাক লৈ এতিয়া অভিভাৱকসকল শংকিত হৈ পৰিছে । বিদ্যালয়লৈ আহিলে নিজৰ সন্তানটি ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ আশংকাত ভূগিছে প্ৰতিগৰাকী অভিভাৱকে ।

লগতে পঢ়ক: পথাৰে পথাৰে গৈ কি কৰিলে থাওৰাৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়ে

Last Updated : Oct 23, 2021, 4:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.