মৰাণ,২৫ ছেপ্টেম্বৰ: সমাগত দুৰ্গা পূজাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে । দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ উদযাপন সমিতিসমুহ সাজু হোৱাৰ সমান্তৰালভাৱে ডিব্ৰুগড় আৰু চৰাইদেউ জিলা প্ৰশাসনো সাজু হৈছে শান্তিপূৰ্ণভাৱে পূজা অনুষ্ঠিত কৰাৰ বাবে(Administration ready to celebrate Durga Puja) । সমগ্ৰ ডিব্ৰুগড় জিলাখনতে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ কিছু নীতি নিয়ম সলনি হ'ব এইবাৰ । সেই সম্পৰ্কে ডিব্ৰুগড় জিলা প্ৰশাসনে প্ৰতিটো চক্ৰ বিষয়া কাৰ্যালয়লৈ নিদেৰ্শনা প্ৰেৰণ কৰিছে(Durga Puja celebrate in Assam) ।
একেই নিদেৰ্শনা চৰাইদেউ জিলা প্ৰশাসনে মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে । ইয়াৰ পাছতে আজি চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় শান্তিপূৰ্ণভাৱে দুৰ্গা পুজা অনুষ্ঠিত কৰাক লৈ ডিব্ৰুগড় আৰু চৰাইদেউ জিলা প্ৰশাসনৰ বৈঠক(Durga Puja celebrate in Moran) । মৰাণৰ চক্ৰ বিষয়া আৰু মাহমৰা চক্ৰ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠকত ।
চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সীমাত অৱস্থিত মৰাণ চহৰত কেনেকৈ শান্তিপূৰ্ণ পৰিৱেশেৰে পূজা অনুষ্ঠিত কৰিব পাৰি সেই সম্পৰ্কত পূজা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ল এই গুৰুত্বপূৰ্ণ বৈঠকত । চৰকাৰে নিৰ্ধাৰণ কৰা সকলো নিয়ম পালন কৰিব লাগিব দুৰ্গা পূজা উদযাপন সমিতি সমূহে । এইবাৰ মৰাণৰ দুৰ্গা পূজা প্লাষ্টিক মুক্ত হ'ব । লগতে দেৱী বিসৰ্জনৰ সময়ত কোনেও ডি.জে বজাব নোৱাৰিব (No DJ in Durga Puja) । আবেলি ৫ বজাৰ আগতেই দেৱী বিসৰ্জন শেষ কৰিব লাগিব ।
এই সমূহৰ বিষয় আজি আলোচনাৰ জড়িয়তে পূজা সমিতি সমূহক অৱগত কৰিছে চক্ৰ বিষয়া সকলে । লগতে এই নিয়ম অমান্য কৰিলে প্ৰশাসন কঠোৰ হ'ব বুলি জানিবলৈ দিছে প্ৰশাসনে । আনাহাতে মৰাণৰ মাজেদি পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতে কোনো ধৰণৰ যান-জঁট সৃষ্টি নহয় তাৰ বাবেও সকলকে সহযোগিতাৰ আহ্বান জনাই প্ৰশাসনে । আজি এই গুৰুত্বপূৰ্ণ বৈঠকত মৰাণৰ সকলো পূজা সমিতিৰ বিষয়ববীয়া, দল-সংগঠনৰ নেতৃত্ব, জ্যেষ্ঠ নাগৰিক আৰু মৰাণৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক: এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত খেলপথাৰত গজৰাজ