ETV Bharat / state

Sankalp Satyagraha: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে সোণাৰিত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Mar 27, 2023, 9:40 AM IST

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে দেওবাৰে সমগ্ৰ ভাৰতত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় সংকল্প সত্যাগ্ৰহ কাৰ্যসূচী ৷ সোণাৰিত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী (Protest in Sonari) ৷

Congress Protest in Sonari
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে সোণাৰিত কংগ্ৰেছৰ প্ৰতিবাদ
কংগ্ৰেছৰ প্ৰতিবাদত কঁপিল সোণাৰি

মৰাণ, 27 মাৰ্চ: অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিচত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্ততো অব্যাহত আছে প্ৰতিবাদ ৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে দেওবাৰে সমগ্ৰ ভাৰতত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় সংকল্প সত্যাগ্ৰহ কাৰ্যসূচী ৷ সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন জিলাত কংগ্ৰেছ দলে বিজেপি দলৰ স্বেচ্ছাচাৰী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (APCC protest against Rahul Gandhi disqualification) ৷

এই ঘটনাই দেশ জুৰি ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে সোণাৰিত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হ'ল সত্যাগ্ৰহ কাৰ্যসূচী ৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিয়ে দেওবাৰে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী (Congress Protest at Sonari)৷

হাতে হাতে বেনাৰ, ফেষ্টুন আদি লৈ, সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত সাব্যস্ত কৰা সত্যাগ্ৰহ কাৰ্যসূচীত বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গৌ বেক, গণতন্ত্ৰ ৰক্ষা কৰক আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চৰাইদেউ জিলা কংগ্ৰেছে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত ৰাহুল গান্ধীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে পোষণ কৰা ষড়যন্ত্ৰক তীব্ৰ গৰিহণা দি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা কাৰ্যক অগণতান্ত্ৰিক আখ্যা দিয়ে প্ৰতিবাদকাৰী সকলে (Congress holds Sankalp Satyagraha in Sonari) ৷

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে চূৰাটৰ আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে ‘মোডী উপাধি’ৰ মন্তব্যক লৈ দাখিল কৰা মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল ৷ 2019 চনৰ এপ্ৰিল মাহত কৰ্ণাটকৰ কোলাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত তেওঁ মন্তব্য কৰিছিল যে "কেনেকৈ সকলো চোৰে মোডীক উমৈহতীয়া উপাধি হিচাপে লৈছে"।

আদালতে ৰাহুল গান্ধীৰ জামিনত অনুমোদন জনোৱাৰ লগতে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পৰাকৈ 30 দিনৰ বাবে তেওঁ শাস্তি স্থগিত ৰাখে ৷ আদালতৰ ৰায়দানৰ পাচতেই কেৰালাৰ ৱায়নাদ সমষ্টিৰ লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হৈছিল (Rahul Gandhi Modi surname issue) ৷ এই ঘটনাৰ পিছতেই সমগ্ৰ দেশৰ লগতে অসমতো কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ (Congress holds Sankalp Satyagraha in Assam) ৷

লগতে পঢ়ক:Congress Protest in Lakhimpur: লখিমপুৰত কংগ্রেছৰ সংকল্প সত্যাগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.