ETV Bharat / state

ULFA(I) ত যোগ দিয়া চৰাইদেউৰ মেধাবী যুৱক অৰুনাভ জীৱিত নে মৃত ? - অৰুণাভ গগৈ

2018 চনৰ 29 ডিচেম্বৰত আলফা (স্বাধীন)ত যোগদান কৰিছিল চৰাইদেউ জিলাৰ বৰহাট লাকিলী অঞ্চলৰ অৰুণাভ গগৈ নামৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত এজন মেধা সম্পন্ন যুৱকে ৷ সেই সময়ত অৰুনাভে আলফা স্বাধীনত যোগদান কৰা এটা ভিডিঅ' চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছিল । সম্প্ৰতি লেফটেনেন্ট নিবাৰণ অসম ওৰফে সাগৰ ইংতিপি ওৰফে অৰুনাভ জীৱিত নে মৃত ইয়াক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে ব্যাপক চৰ্চা ৷

charaideo student arunabh gogoi is believed to be dead after joinning ULFA(I)
ULFA(I) ত যোগ দিয়া চৰাইদেউৰ মেধাবী যুৱক অৰুনাভ জীৱিত নে মৃত?
author img

By

Published : Sep 7, 2021, 4:34 PM IST

মৰাণ, 7 ছেপ্টেম্বৰ : স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত এজন মেধা সম্পন্ন যুৱক ৷ হঠাৎ এদিন যুৱকজনে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ত যোগদান কৰাৰ সিদ্ধান্ত ল’লে ৷ এই সিদ্ধান্ত মৰ্মেই 2018 চনৰ 29 ডিচেম্বৰত সংগঠনটোৰ সৈতে জড়িত হৈ পৰিছিল চৰাইদেউ জিলাৰ বৰহাট লাকিলী অঞ্চলৰ অৰুণাভ গগৈ নামৰ উচ্চ শিক্ষিত যুৱকজন ৷

উল্লেখযোগ্য যে, স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰা সময়তে অৰুণাভে আলফা স্বাধীনত যোগদান কৰা এটা ভিডিঅ' চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছিল । ইয়াৰ পিছতেই পৰিয়ালৰ সৈতে যোগাযোগ হেৰাই গৈছিল অৰুনাভ গগৈৰ ৷ শিক্ষক পিতৃ কুমুদ গগৈ আৰু মাতৃ ৰিমঝিম গগৈৰ জ্যেষ্ঠ সন্তান গৰাকীয়ে এইদৰে গুচি যোৱাত তেওঁক ঘৰলৈ উভতি আহিবলৈ বাৰম্বাৰ আহ্বান জনাইছিল পৰিয়ালৰ লোকে ।

কিন্তু অৰুনাভৰ কোনো ধৰণৰ খবৰ অহা নাছিল তেওঁৰ নিজৰ অথবা আলফা স্বাধীনৰ তৰফৰ পৰা ৷ শেহতীয়াকৈ আলফা স্বাধীনৰ লেফটেনেন্ট নিবাৰণ অসম ওৰফে সাগৰ ইংতিপি ওৰফে অৰুণাভ গগৈ সম্পৰ্কত সমুখলৈ আহিছে এক বিস্ফোৰক খবৰ ৷

ULFA(I) ত যোগ দিয়া চৰাইদেউৰ মেধাবী যুৱক অৰুনাভ জীৱিত নে মৃত?

বৰ্তমানৰ পৰা প্ৰায় এবছৰ আগেয়ে জেনেৰেল পৰেশ অসমৰ নিৰ্দেশত মেজেৰ জেনেৰেল নয়ন অসমৰ উপস্থিতিত লেফটেনেন্ট নিবাৰণ অসমক মৃত্যুদণ্ড দিয়া হোৱা বুলি এক খবৰ পোৱা গৈছে । এই খবৰ অনুসৰি ম্যানমাৰস্থিত শিবিৰৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ অপৰাধত ম্যানমাৰৰ ডাইমণ্ড কেম্পত তেওঁক মৃত্যুদণ্ড দিয়া হোৱা বুলি সামাজিক মাধ্যমত সম্প্ৰতি ব্যাপক চৰ্চা চলিছে ।

অৱশ্যে আলফা স্বাধীনৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা হোৱা নাই ৷ এই অনিশ্চয়তাৰ ফলত এতিয়া অধিক চিন্তিত হৈ পৰিছে লেফটেনেন্ট নিবাৰণ অসম অৰ্থাৎ অৰুণাভৰ পৰিয়াল । উপায়ন্তৰ হৈ অৰুনাভৰ পৰিয়ালে সংবাদ মাধ্যমৰ যোগে পৰেশ অসমক অৰুনাভ জীৱিত নে মৃত, সেই সম্পৰ্কে নিশ্চিত কৰাৰ লগতে যদি তেওঁক মৃত্যদণ্ড দিয়া হৈছে, তেওঁ কৰা অপৰাধ ৰাজহুৱাভাৱে জনোৱাৰ কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক : আমিনগাঁৱত কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.