ETV Bharat / state

মামা-চাচাৰ কম্বিনেশ্যন থকালৈকে অসমত বিজেপি চৰকাৰ আহিয়েই থাকিব : যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 9:34 PM IST

মামা-মামী আৰু মাটিৰ কথা যিয়েই কয়, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লয় হিমন্ত বিশ্ব শৰ্মাই ৷ এই মন্তব্য যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম মজুমদাৰৰ ৷ তেওঁ লগতে কয় যে মামা-চাচাৰ কম্বিনেচন থকালৈকে অসমলৈ বিজেপি চৰকাৰেই হৈ থাকিব ৷

BharatYouth Jodo Yatra Charaideo
চৰাইদেউত যুৱ কংগ্ৰেছৰ য়ুথ জোড়ো যাত্ৰা
চৰাইদেউত যুৱ কংগ্ৰেছৰ য়ুথ জোড়ো যাত্ৰা

ডিব্ৰুগড়, 17 নৱেম্বৰ : অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ মুখত পুনৰ ‘মামা-মামী আৰু মাটি’ৰ প্ৰসংগ ৷ শুকুৰবাৰে 'য়ুথ জোড়ো যাত্ৰা'ৰ কাৰ্যসূচী অনুসৰি চৰাইদেউত উপস্থিত হোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম মজুমদাৰে কয় যে ‘‘মামা-মামী আৰু মাটি’ৰ কথা যিয়েই কয়, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লয় হিমন্ত বিশ্ব শৰ্মাই ৷’’

এই প্ৰসংগত জুবেৰ আনমে কয় যে ‘‘আমি কংগ্ৰেছী, আমি জেইলৈ যাবলৈ ভয় নাখাওঁ ৷ 49 বাৰো যদি জেইলৈ পঠিয়ায়, ওলাই আহি ক’ম- ‘মামা, আৰু এবাৰ পঠিয়াই দিয়ক, হাফ চেন্সুৰী হৈ যাব’ ৷’’

উল্লেখ্য যে, কংগ্ৰেছ দলে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি দলীয় ভেটি শক্তিশালী কৰিবলৈ চেষ্টা চলাই আহিছে । প্ৰদেশ কংগ্ৰেছে বাগিচাই বাগিচাই কংগ্ৰেছ, চাঙে চাঙে কংগ্ৰেছ কাৰ্যসূচী গ্ৰহণ কৰি দলৰ হেৰুৱা ভেটি পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে । ইয়াৰ মাজতে অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিতিয়ে ৰাজ্যত অব্যাহত ৰাখিছে ‘য়ুথ জোড়ো যাত্ৰা’ ।

অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিতিয়ে হাতত লোৱা 'য়ুথ জোড়ো যাত্ৰা'ৰ দ্বিতীয়লানি কাৰ্যসূচীৰ অংশ হিচাবে শুকুৰবাৰে চৰাইদেউ জিলাৰ মৰাণত পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে যুৱ কংগ্ৰেছে ৷ চৰাইদেউ জিলা যুৱ কংগ্ৰেছ সমিতিৰ উদ্যোগত জিলাখনৰ মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছ আৰু সোণাৰি সমষ্টিৰ যুৱ কংগ্ৰেছ কমিটিৰ সহযোগত উলিওৱা উক্ত যাত্ৰাত কেইবাশ যুৱ কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

মৰাণৰ থমচন তিনিআলিৰ পৰা মৰাণ নগৰলৈকে এক পদযাত্ৰা উলিয়াই মৰাণ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত এক সভাও অনুষ্ঠিত কৰে । যুৱ কংগ্ৰেছৰ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি জুবেৰ আনম মজুমদাৰে কয়, ‘‘বদৰুদ্দিন আজমলে যি কয় সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়ে । মামা-চাচাৰ কম্বিনেচন থকালৈকে অসমলৈ বিজেপি চৰকাৰ আহিয়েই থাকিব ।’’

উক্ত ৰেলীত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়া, অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি জুবেৰ আনম মজুমদাৰ, চৰাইদেউ জিলা সমিতিৰ সভাপতি গকুল গগৈকে ধৰি ৰাজ্যিক সমিতি, জিলা সমিতি আৰু মণ্ডল সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি বিৰোধী ঐক্যৰ মূল নিৰ্বাচনী ইছ্যু: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.