ETV Bharat / state

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত মুখ্য সচিব জিষ্ণু বৰুৱা

author img

By

Published : Mar 27, 2022, 10:14 PM IST

দেওবাৰে চৰাইদেউত উপস্থিত হৈ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ কাম পৰ্যবেক্ষণ কৰিলে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ( Jishnu Boruah visited Charaideo Maidam) ৷ মুখ্য সচিব গৰাকী (Assam goverment chief secretary ) ৰ এই ভ্ৰমণত সংগ দিয়ে জিলা উপায়ুক্ত পল বৰুৱা ( DC Paul Barua) আৰু আৰক্ষী অধীক্ষক সুধাকৰ সিঙে (SP Sudhakar Singh) ৷

Assam chief secretary Jishnu Boruah visited Charaideo Maidam
ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত মুখ্য সচিব জিষ্ণু বৰুৱা

মৰাণ, 27 মাৰ্চ : দেওবাৰে চৰাইদেউত উপস্থিত হৈ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ কাম পৰ্যবেক্ষণ কৰিলে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই । চৰাইদেউত সিঁচৰতি হৈ থকা ঐতিহাসিক সমল সমূহ সংৰক্ষণ কৰাৰ গুৰুত্ব উপলদ্ধি কৰি মুখ্য সচিব গৰাকীয়ে দেওবাৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হয় ৷

ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ অধীনস্থ মৈদামস্থলী সমূহ পৰিদৰ্শন কৰি এই সমূহত চলি থকা খননকার্য, সংৰক্ষণ, সৌন্দৰ্যবৰ্ধন আৰু আন্তঃগাঁথনি উন্নয়নৰ কামসমূহ তদাৰক কৰাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ দিহা-পৰামৰ্শ আগবঢ়ায় মুখ্য সচিবগৰাকীয়ে ।

এই ভ্ৰমণ কালত মুখ্য সচিব গৰাকীয়ে ঐতিহাসিক লাংকুৰী দৌল পৰিদৰ্শন কৰাৰ লগতে স্থানীয় চৰাইদেউ পৰ্বত চাহ বাগিচাস্থিত ঐতিহাসিক বঙলা আৰু ফুলেশ্বৰী কুঁৱৰীৰ মৈদামো পৰিদৰ্শন কৰে ৷

লগতে কয় যে, বিশ্বৰ কোনো ঠাইত নথকা ঐতিহাসিক সমল চৰাইদেউত আছে বুলি মন্তব্য প্ৰকাশ কৰি চৰাইদেউৰ ঐতিহাসিক সমল সমূহ সংৰক্ষণৰ বাবে এটা মিউজিয়াম নিৰ্মাণ কৰা কথাও উল্লেখ কৰে মুখ্য সচিব গৰাকীয়ে ।

আনহাতে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ কাম পৰ্যবেক্ষণ কৰাৰ পাছত জিলাৰ সদৰ সোণাৰিস্থিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ উচ্চ পদস্থ বিষয়া আৰু APDCL/APGCLৰ বিষয়াৰ সৈতে বিশেষ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৰাজ্য মুখ্য সচিব গৰাকীয়ে ৷ উল্লেখ্য যে, মুখ্য সচিব গৰাকীৰ এই ভ্ৰমণত সংগ দিয়ে জিলা উপায়ুক্ত পল বৰুৱা (DC Paul Barua) আৰু আৰক্ষী অধীক্ষক সুধাকৰ সিঙে (SP Sudhakar Singh) ৷

লগতে পঢ়ক : শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি : সুৰাৰ ৰাগীত মাতাল ভাৰপ্ৰাপ্ত বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.