ETV Bharat / state

ৰাজ্যত চৰ্চিত দুটা ঘটনাই উদঙাই দিলে চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনৰ দুৰ্বলতা

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 10:27 PM IST

Crime in Sonari: ৰাজ্যত চৰ্চিত দুটা ঘটনাই উদঙাই দিলে চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনৰ দুৰ্বলতা ৷ ড্ৰাগছ মাফিয়াৰ ঘৰত উদ্ধাৰ লাখ লাখ টকা ৷ জিলা বিজেপি কাৰ্যালয়ৰ চৌহদত সভাপতিক আক্ৰমণ কৰা মাষ্টাৰমাইণ্ড আজিও মুকলি আকাশৰ তলত ৷ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে ঐতিহাসিক চৰাইদেউ ৷

Charaideo Police
চৰাইদেউ জিলা আৰক্ষী-প্ৰশাসনৰ দুৰ্বলতা প্ৰকাশ

ডিব্ৰুগড়, 11 জানুৱাৰী: অসম আৰক্ষীক আধুনিক কৰাৰ লগতে বৰ্তমান সময়ত অপৰাধ নিৰ্মূল কৰাত সদায় সজাগ সচেতন বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে কৈ থকা সময়ত ঐতিহাসিক চৰাইদেউ জিলাখন অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে । শেহতীয়াকৈ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত ৰাজ্যত চৰ্চিত দুটা ঘটনাই উদঙাই দিলে চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনৰ দুৰ্বলতা ।

এটা দিনৰ পূৰ্বে গোলাঘাট আৰক্ষীয়ে সোণাৰিৰ নাজিম শ্বেখ (২৫) নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক তিনি কোটি টকাৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰা পাছতেই গোলাঘাট আৰক্ষীৰ তথ্যৰ ভিত্তিত সোণাৰিত কালি নিশাই সোণাৰি নগৰৰ ৯ নং ৱাৰ্ড এলেকাত নাজিম শ্বেখৰ ঘৰত অভিযান চলাই ২০ টকাৰ পৰা ৫০০ টকীয়াৰ ১৩ লাখ ৯৬ হাজাৰ টকা উদ্ধাৰ কৰাৰ পাছতে বিভিন্ন প্ৰশ্নৰ উদ্বেগ ঘটিছে ।

তদুপৰি আৰক্ষীয়ে ৪ টা ম’বাইল ফোন, ১৮ খনকৈ এ টি এম কাৰ্ড আৰু এটা টকা গণনা কৰা মেচিন জব্দ কৰে ।

উল্লেখ্য যে, গোলাঘাট আৰক্ষীয়ে প্ৰায় তিনি কোটিৰো অধিক মূল্যৰ নিষিদ্ধ ড্ৰাগছৰ সৈতে নাজিম শ্বেখক গ্ৰেপ্তাৰ কৰাৰ পাছতেই সোণাৰি আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ মাফিয়া নাজিমৰ বাসগৃহত অভিযান চলাই বুজন পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হৈছিল । উল্লেখযোগ্য যে গোলাঘাট আৰক্ষীয়ে ড্ৰাগছসহ নাজিমক গ্ৰেপ্তাৰ কৰাৰ আগলৈকে সোণাৰি আৰক্ষী হাতত নাজিমৰ কোনো তথ্যই নাছিল । যাৰ বাবে নগৰৰ মাজমজিয়াত বহি কুখ্যাত ড্ৰাগছ মাফিয়াটোৱে ড্ৰাগছৰ বেহা অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল ।

উল্লেখ্য যে নাগালেণ্ড সীমান্তৰ নামতোলাক কেন্দ্ৰ কৰি নাজিমে গঢ়ি তুলিছিল নিজৰ ড্ৰাগছৰ সাম্ৰাজ্য । আনহাতে কিছুদিন পূৰ্বে অসম-ত্ৰিপুৰা সীমান্তত সোণাৰিৰ মুন্না খান নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীৰ সন্দৰ্ভতো কোনো তথ্য নাছিল সোণাৰি আৰক্ষীৰ হাতত ।

এনেদৰে সোণাৰিৰ ড্ৰাগছ সৰবৰাহকাৰীয়ে সোণাৰি আৰক্ষীক অন্ধকাৰত ৰাখি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই নিয়াত সোণাৰি আৰক্ষীৰ চৰম দুৰ্বলতা প্ৰকাশ পাইছে । আনহাতে যোৱা শনিবাৰে নিশা সোণাৰি নগৰৰ মাজমজিয়াত অৱস্থিত চৰাইদেউ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত জিলা সভাপতি লক্ষীনাথ তাছাক আক্ৰমণ কৰিছিল উদণ্ড যুৱকৰ দলে । নিশা কাৰ্যালয়ৰ চৌহদত উদণ্ড যুৱকৰ দলে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাত বাধা দিবলৈ যাওঁতেই সভাপতিগৰাকীৰ লগতে তেওঁৰ সতীৰ্থক প্ৰহাৰ কৰে উদণ্ড যুৱকৰ দলটোৱে ।

দলটোৱে লক্ষ্মীনাথ তাছাৰ পৰা ম’বাইল ফোনো কাঢ়ি লয় । সোণাৰিৰ কাষৰীয়া ৰজাবাৰীৰ সুৰা তথা গো মাফিয়া সঞ্জয় শ্বাহৰ নেতৃত্বত বিজেপি সভাপতি লক্ষ্মীনাথ তাছাক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে সঞ্জয় শ্বাহৰ গাড়ীৰ চালকক আটক কৰিছে আৰক্ষীয়ে ৷ গাড়ীৰ চালকজনে সকলো কথা সংবাদ সংবাদ মাধ্যমত স্বীকাৰ কৰিছে । কিন্তু ঘটনাৰ কেবাটাও দিন পাৰ হোৱা পাছতো আৰক্ষীয়ে আক্ৰমণকাৰীক আটক কৰিব নোৱৰাৰ ঘটনাই চৰাইদেউ জিলাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

অপৰাধীক জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰিছে জিলা বিজেপিয়ে । মাফিয়াৰ লগত আৰক্ষীৰ মিতিৰালি থকা বাবে ড্ৰাগছ মাফিয়াক লৈ আৰক্ষী নৰম বুলিও চৰ্চা চলিছে ।

লগতে পঢ়ক: বিজেপি নেতা লক্ষ্মীনাথ তাছাক আক্ৰমণৰ সৈতে জড়িত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.