মৰাণ, 29 মাৰ্চ: চৰাইদেউৰ সাপেখাতীত ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে এক মৰ্মান্তিক ঘটনা সংঘটিত হয় । সাপেখাতীৰ আটাল বৰুৱা দিচাং নদীত উদ্ধাৰ হয় এজন কিশোৰৰ মৃতদেহ ।
স্থানীয় লোকে সদৰি কৰা মতে মৃত কিশোৰ জনৰ নাম সোণালীপুৰ লক্ষীপথাৰৰ বাবুল গগৈৰ কনিষ্ঠ পুত্ৰ তথা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ অখিল গগৈ ৷ কিশোৰ জনৰ বয়স 9 বছৰ বুলি জানিব পৰা গৈছে ৷
স্থানীয় লোকে সদৰি কৰা মতে দেওবাৰে পুৱাতেই সমনীয়াৰ ঘৰলৈ যোৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল অখিল । সন্ধিয়া পৰলৈকে ঘৰলৈ ঘুৰি অহা নাছিল ছাত্ৰজন ৷ ইয়াৰ পাচতে পৰিয়াল লোকে বিচাৰ খোচৰ কৰে যদিও সন্ধান লাভ নকৰে অখিলৰ ৷
সোমবাৰে পশ্চিম আটালবৰুৱাত উদ্ধাৰ হয় অখিল গগৈৰ মৃতদেহটো ৷ আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাৱে প্ৰেৰণৰ ব্যৱস্থা কৰিছে ।
লগতে পঢ়ক: লুৰিণজ্যোতিৰ মাতৃৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'লে আছুৰ উপদেষ্টাই