ETV Bharat / state

চৰাইদেউ কাণ্ডৰ দুই অভিযুক্তক আটক আৰক্ষীৰ - চৰাইদেউ কাণ্ডৰ দুই অভিযুক্তক আটক

শনিবাৰে চিকিৎসালয়ৰ পৰা ক’ভিড মুক্ত হৈ ঘৰলৈ গৈ থকা অৱস্থাত চৰাইদেউৰ দুই মহিলাক দুজনীয়া দুৰ্বৃত্তৰ দলে আগচি ধৰি ধৰ্ষণৰ চেষ্টা চলায় ৷ উক্ত কাণ্ডৰ লগত জড়িত দুই অভিযুক্তক সোমবাৰে আৰক্ষীয়ে কৰায়ত্ত কৰে ৷

চৰাইদেউ কাণ্ডৰ দুই অভিযুক্তক আটক আৰক্ষীৰ

author img

By

Published : Jun 1, 2021, 2:08 PM IST

মৰাণ,1 জুন: শনিবাৰে চৰাইদেউ জিলাৰ বৰহাটত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ক’ভিড মুক্ত হৈ ঘৰলৈ আহি থকা অৱস্থাত দলবদ্ধ ধৰ্ষণৰ সন্মুখীন হৈছিল এগৰাকী মহিলা । ইয়াৰ পিছতে বৰহাট আৰক্ষী থানাই বিষয়টো গুৰুত্ব সহকাৰে লৈ অতি ক্ষীপ্ৰতাৰে অভিযান চলাই সোমাবাৰে বৰহাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নিপুমণি চৌধুৰীৰ নেতৃত্বত বৰহাট চাহ বাগিচাৰ দুই দুৰ্বৃত্তই আটক কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ডাঙৰীকুমাৰ গাঁৱৰ পানীচুকী গ্ৰাণ্টৰ নগামাটিৰ এটা পৰিয়ালৰ এগৰাকী মহিলাৰ লগত সংঘটিত হৈছিল এই ঘটনা । সম্পৰ্কত দুয়োগৰাকী মাতৃ-কন্যাই বিগত কিছুদিনৰ পৰা কৰ'ণাত আক্ৰান্ত হৈ ২১ মে’ৰ পৰা সাপেখাতী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷

চৰাইদেউ কাণ্ডৰ দুই অভিযুক্তক আটক আৰক্ষীৰ

বিগত ২৭ মে’ত মহিলা দুগৰাকীৰ ক’ভিড টেষ্টৰ ৰিপ’ৰ্টত (covid test report) ক’ভিড মুক্ত বুলি প্ৰকাশ হোৱাত তেওঁলোকক চিকিৎসালয়খনৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হয় ৷ পৰিয়ালটোৱে জনোৱা মতে, দিনৰ প্ৰায় 2.30 মান বজাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পিছত সান্ধ্য আইন (curfew) চলি থকাৰ বাবে কোনো ধৰণৰ গাড়ী-মটৰ নোপোৱাত মহিলা দুগৰাকীয়ে ঘৰ আহিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক এম্বুলেঞ্চৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনায় ৷ কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই এখন বাহনৰ ব্যৱস্থা কৰি দিবলৈ ব্যৰ্থ হয় ৷

উপায়ন্তৰ হৈ দুয়োগৰাকী মহিলাই খোজকাঢ়িয়ে গৃহ অভিমুখে প্ৰায় ২০ কিল’মিটাৰ পথ অতিক্ৰম কৰাৰ লক্ষ্য লয় ৷ কিন্তু, যাত্ৰাপথতে পোৱা বৰহাট চাহ বাগিচাৰ ধোদৰআলিত ৰৈ থকা দুজন যুৱকে মহিলা দুগৰাকীক আগচি ধৰি ধৰ্ষণৰ চেষ্টা চলায় ৷

আনহাতে, জীয়েক গৰাকীয়ে পলাই গৈ নিজক বচাবলৈ সক্ষম হোৱাৰ লগতে এখন দোকানত প্ৰৱেশ কৰি সহায় বিচৰাত স্থানীয় গাওঁৰক্ষী বাহিনীৰ লগতে বৰহাট আৰক্ষী প্ৰশাসনক খবৰ দিয়া হয় ৷ ইয়াৰ পিছতে ঘটনাস্থলীত ততাতৈয়াকৈ বৰহাট আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু আৰক্ষীৰ উপস্থিতিৰ উমান লাভ কৰি ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় দুৰ্বৃত্ত দুজনে ৷ পৰৱৰ্তী সময়ত সোমবাৰে আৰক্ষীয়ে দুয়োকে আটক কৰে ৷

লগতে পঢ়ক: মৈৰাবাৰী বজাৰত চোৰৰ লুটপাট অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.